ETV Bharat / state

হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ ড° সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 8:28 PM IST

Samujjal Kumar Bhattacharyya: ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই NRCৰ সমন্বয়কৰ পৰা মাহে ১৬ লাখকৈ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ অভিযোগটো উত্থাপিত কৰিছিল NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷ দেৱশৰ্মাৰ বিৰুদ্ধে ড৹ ভট্টাচাৰ্য্য‌ই তৰিলে ১০০ কোটি টকাৰ মানহানি গোচৰ ৷

Samujjal Kumar Bhattacharya
Hitesh Dev Sarma

হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ড° সমুজ্জ্বল ভট্টাচাৰ্য্যৰ মানহানি গোচৰ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৷ গোচৰ তৰিছে ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই । উল্লেখ্য যে NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা ড৹ ভট্টাচাৰ্য্য‌ই মাহে ১৬ লাখকৈ টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছিল দেৱশৰ্মাই ৷ কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতত বৃহস্পতিবাৰে এই গোচৰ তৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখযোগ্য যে ২০২৩ৰ ১৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিতৰ্ক চলি থকাৰ মাজতে প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই NRC প্ৰস্তুতৰ নামত ধনৰ অবাঞ্ছিত লেনদেনৰ এক গুৰুতৰ অভিযোগ অভিযোগ উত্থাপন কৰিছিল । এই প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ নাম উল্লেখ কৰি সামাজিক মাধ্যমত উল্লেখ কৰিছিল যে বজাৰৰ খবৰ মতে ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই পূৰ্বৰ NRCৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লৈছিল ৷ তাৰ পিচতেই আছুৰ মুখ্য উপদেষ্টা ড৹ ভট্টাচাৰ্যই ড৹ হিতেশ দেৱ শৰ্মাৰ অভিযোগ খণ্ডন কৰি শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল ।

আনহাতে, এই গোচৰ তৰিবলৈ এটা বছৰ লাগিল কিয় বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে যোৱা সময়চোৱা তেওঁ অপেক্ষা কৰিছিল যে যদিহে মানসিক ভাৰসাম্য হেৰুৱাই হিতেশ দেৱ শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে এনে মন্তব্য কৰিছিল, তেন্তে তেওঁ অনুতাপ কৰিব তেওঁৰ ভুৱা অভিযোগৰ বিষয়ে ৷

কিন্ত দেৱশৰ্মাই তেনে নকৰিলে ৷ সেয়ে শুভাকাংক্ষী আৰু আইনী পৰামৰ্শদাতাৰ পৰামৰ্শ মতে আজি এই ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে ড৹ ভট্টাচাৰ্যই । বৰ্তমানলৈকে হিতেশ দেৱ শৰ্মাই এই গোচৰ প্ৰসংগত একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: এন আৰ চিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ ২৭ লাখ লোকক লৈ উদ্বিগ্ন শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.