ETV Bharat / state

শিৱসাগৰত অসম চৰকাৰৰ বিকাশ যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:50 PM IST

Ronoj Pegu lays foundation stone at Sivasagar
শিৱসাগৰত অসম চৰকাৰৰ বিকাশ যাত্ৰা

Vikas Yatra in Assam: ৰাজ্যজুৰি অব্যাহত অসম চৰকাৰৰ বিকাশ যাত্ৰা । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰতো অনুষ্ঠিত কৰা হয় বিকাশ যাত্ৰা অনুষ্ঠান । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰ বিধানসভা সমষ্টিৰ তিনিখন মাধ্যমিক বিদ্যালয় ২২ কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।

শিৱসাগৰত অসম চৰকাৰৰ বিকাশ যাত্ৰা

শিৱসাগৰ,৫ মাৰ্চ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত অসম চৰকাৰৰ বিকাশ যাত্ৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ উপস্থিতিত অনুষ্ঠিত কৰা হৈছে এই বিকাশ যাত্ৰা । ৰাজ্যজুৰি গ্ৰহণ কৰা বিকাশ যাত্ৰা কাৰ্যসূচীৰ সমান্তৰালভাৱে মঙলবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ তিনিখন মাধ্যমিক বিদ্যালয় ২২ কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অসম চৰকাৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আধাৰশিলা স্থাপন কৰে ।

আধাৰশিলা স্থাপন কৰা বিদ্যালয় কেইখনৰ ভিতৰৰ শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে ৮ কোটি, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭ কোটি আৰু শ'লগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭ কোটি টকাৰ অনুদান লাভ কৰিছে । এই ধন ৰাশিৰে ৭৫ বছৰতকৈ পুৰণি ঐতিহ্যপূর্ণ বিদ্যালয় কেইখন নতুন ৰূপত সকলো সা-সুবিধা থকা আধুনিক বিদ্যালয়ৰূপে গঢ়ি তোলা হ'ব ।

উল্লেখযোগ্য যে, অনুৰূপভাৱে সমগ্ৰ ৰাজ্যত এইদৰে ৩১৫ মাধ্যমিক বিদ্যালয় নতুন ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে । এই পৰিকল্পনাৰ বাবে বিভিন্ন শিতানৰ পৰা ৰাজ্য চৰকাৰে ২৮০০ কোটি টকা ব্যয় কৰিব বুলি শিক্ষা মন্ত্ৰী পেগুৱে এই অনুষ্ঠানতে মত প্ৰকাশ কৰে । অনুষ্ঠানত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বুঢ়াগোঁহাইকে আদি কৰি তিনিওখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আদি উপস্থিত থাকে ।

লগতে পঢ়ক: যোৰহাটত ১ হাজাৰ ৬৬ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.