ETV Bharat / state

চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:31 PM IST

Bhupen Bora on CID Summon : চিআইডিৰ চমন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া ৷ তেওঁ চিআইডিৰ কাৰ্যালয়লৈ যাবলৈ নাইবা গ্ৰেপ্তাৰলৈ ভয় কৰা মানুহ নহয় ।

দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া
দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৫ মাৰ্চ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছে চিআইডিয়ে । ৭ মাৰ্চত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে ভূপেন বৰালৈ চমন জাৰি কৰা হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তেওঁ হাজিৰ হ'ব নোৱাৰে বুলি ইতিমধ্যে জনাই দিছে ।

৭ মাৰ্চৰ দিনা আগবেলা পিতৃৰ শ্ৰাদ্ধ আৰু পিচবেলা চিইচিৰ সভা আছে । গতিকে তেওঁ চিআইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত মাতিলে তেওঁ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব । ইতিমধ্যে এই বিষয়ে তেওঁ দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক চিআইডিক অৱগত কৰাৰ বাবে কোৱা হৈছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে তেওঁ চিআইডিৰ কাৰ্যালয়লৈ যাবলৈ নাইবা গ্ৰেপ্তাৰলৈ ভয় কৰা মানুহ নহয় । অসমৰ ৰাইজক ইয়াৰ উত্তৰ লাগিব বুলি সদৰী কৰি তেওঁ ২০২৩ চনত কেৱল গুৱাহাটীতে সংঘটিত চুৰিকাণ্ডৰ ২৭৪৫ টা গোচৰৰ কি হ'ল বুলি প্ৰশ্ন কৰি কয় যে ড্ৰাগছ বেপাৰী তথা ছিণ্ডিকেটৰ মাফিয়াক ধৰিব নোৱাৰে, কিন্তু ভূপেন বৰাক জাননীৰ ওপৰত জাননী দি দাদাগিৰি দেখুৱাব পাৰে । তেওঁ লগতে বিৰোধী দলপতিকে ধৰি কেইবাজনক জাননী দিয়া বুলি সদৰী কৰি তেওঁ অসমৰ অপৰাধীৰ তালিকাখনত তেওঁ এক নম্বৰত নেকি বুলি প্ৰশ্ন কৰে ।

চিআইডিক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে ভিডিঅ' কনফাৰেন্সযোগে পোনপটীয়া সম্প্ৰচাৰ কৰি যি সুধিবলগা আছে সোধক, একেই উত্তৰ দিম । 'কোঠাৰ ভিতৰত যি উত্তৰ দিম, লাইভ টেলিকাষ্টতো একেই উত্তৰ দিম' বুলিও তেওঁ কয় । উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ চিআইডিয়ে দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছে । ৭ মাৰ্চত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ভূপেন বৰাক । অন্যথা গ্ৰেপ্তাৰ কৰা হ’ব ভূপেন বৰাক ।

আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈয়ো প্ৰেৰণ কৰা হৈছে চমন । তেওঁক ৬ মাৰ্চত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশনা দিয়া হৈছে । লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বে প্ৰথমখন চমন জাৰি কৰি চিআইডিয়ে ভূপেন বৰাক ২ মাৰ্চৰ ১১.৩০ বজাত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল যদিও ভূপেন বৰা হাজিৰ হোৱা নাছিল ।

লগতে পঢ়ক :আকৌ CID ৰ চমন; কি কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.