ETV Bharat / state

দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰণ হ’ব মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, পাঠ্যপুথি বিতৰণ কাৰ্যসূচী

Laid foundation stone in Barpeta : স্থাপন কৰা হ’ল সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ নতুন শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা ৷ এই আধাৰশিলা উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

বিকাশ যাত্ৰাৰ অংশস্বৰূপে বৰপেটাৰ কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰীৰ
বিকাশ যাত্ৰাৰ অংশস্বৰূপে বৰপেটাৰ কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 7:50 AM IST

|

Updated : March 7, 2024 at 8:10 AM IST

2 Min Read
Choose ETV Bharat
বিকাশ যাত্ৰাৰ অংশস্বৰূপে বৰপেটাৰ কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰীৰ

বৰপেটাৰোড, ৭ মাৰ্চ : প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, পাঠ্যপুথি, খেলৰ সামগ্ৰী বিভিন্ন শিক্ষণ সামগ্ৰী ৰাজ্য চৰকাৰে প্ৰদান কৰি আহিছে ৷ বৰ্তমান এই সেৱা কেৱল মাত্ৰ অষ্টম শ্ৰেণীলৈকে সীমাবদ্ধ নাৰাখি নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীলৈকে সম্প্ৰসাৰণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে । বুধবাৰে সৰভোগত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অন্তৰ্গত অসমৰ বিদ্যালয়সমূহৰ ৰূপান্তৰকৰণৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লৈছে দুমহলীয়া শ্ৰেণীকোঠা ৷ এই শ্ৰেণীকোঠাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ।

ইপিনে এই ফলক উন্মোচন কৰাৰ সময়তে দেখা গ’ল যে, বৰপেটা জিলাৰ বৰনগৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ আধাৰশিলাৰ নাম ফলকত নাই সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ নাম ৷ নিজৰ নাম ফলক নেদেখাত জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যাৰ বাবে এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত নাথাকে বুলিও মন্ত্ৰী ৰণোজ পেগুক অৱগত কৰে মনোৰঞ্জন তালুকদাৰে । অৱশ্যে মন্ত্ৰী ৰণোজ পেগুৱে বিধায়ক তালুকদাৰৰ নাম আধাৰশিলাৰ ফলকত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতহে সৰভোগৰ বিধায়কগৰাকীয়ে উক্ত অনুষ্ঠানত উপস্থিত হয় ৷

বুধবাৰৰ দিনটোতে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বৰপেটাৰ হিলাপাকৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ দুয়োখন শিক্ষানুষ্ঠানতে ৭ কোটিকৈ মুঠ ১৪ কোটি টকা খৰচ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ বিদ্যালয়ৰ দুখনৰ শ্ৰেণীকোঠা নতুনকৈ নিৰ্মাণ হ’লে দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি স্থানীয় লোকসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত ৭০০ কোটিৰো অধিক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

Last Updated : March 7, 2024 at 8:10 AM IST