ETV Bharat / state

আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি: সমাজ বিজ্ঞানৰ ঠাইত আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 2:02 PM IST

HSLC Exam 2024
কোকৰাঝাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত অঘটন

Irregularities in HSLC Examination: কোকৰাঝাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত অঘটন । কোকৰাঝাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰলৈ আহিল সমাজ বিজ্ঞানৰ পৰিৱৰ্তে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত । কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত সংঘটিত হৈছে এই বিসংগতি । লেবেল তথা পেকেটিংৰ ভুলৰ বাবেহে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি মন্তব্য বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্ম ।

কোকৰাঝাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত অঘটন

কোকৰাঝাৰ, 19 ফেব্ৰুৱাৰী: পুনৰ বিসংগতি সংঘটিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৷ এইবাৰ কোকৰাঝাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে । কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত সংঘটিত হৈছে এই বিসংগতি ।

আজি অৰ্থাৎ সোমবাৰে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু পৰীক্ষাৰ্থীসকলে নিৰ্দিষ্ট বিষয়ৰ পৰীক্ষাটোৰ বাবে সাজু হৈ আছিল । পৰীক্ষাৰ দায়িত্বত থকা শিক্ষকসকলে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা খোলাত দেখা পায় যে তাত সমাজ বিজ্ঞানৰ পৰিৱৰ্তে সাধাৰণ বিজ্ঞানৰহে প্ৰশ্নকাকত আছিল । লগে লগে বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰায় আৰু ততাতৈয়াকৈ উক্ত প্ৰশ্নকাকতৰ টোপোলাটো থানাত জমা দি সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰে । সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ কমেও 10-15 মিনিট সময়ৰ প্ৰয়োজন হয় আৰু পৰীক্ষা আৰম্ভ কৰাত কিছু পলম হয় ।

এই বিসংগতিয়ে অভিভাৱকসকলৰ মাজত সৃষ্টি কৰিছে ক্ষোভৰ ৷ অভিভাৱকসকলে পৰীক্ষাৰ সময় বঢ়াই দিয়াৰ দাবী উত্থাপন কৰিছে । আনহাতে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত লেবেল তথা পেকেটিংৰ ভুলৰ বাবেহে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰে । পেকেটৰ ওপৰত সমাজ বিজ্ঞান বুলিয়েই লিখা আছিল যদিও পেকেটৰ ভিতৰত আকৌ সাধাৰণ বিজ্ঞানৰহে লেবেল আছিল বুলি মন্তব্য প্ৰকাশ কৰে ।

উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই সম্পূৰ্ণ নিৰাপদভাৱে সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলাসমূহ কোকৰাঝাৰ সদৰ থানাত জমা দিয়া হয় আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ নতুন টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰা হয় । পলম হোৱা সময়খিনি পৰীক্ষাৰ্থীক প্ৰদান কৰা হ’ব বুলি বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

লগতে পঢ়ক: কাৰ ভুলৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে দুই পৰীক্ষাৰ্থীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.