কাৰ ভুলৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে দুই পৰীক্ষাৰ্থীয়ে ! - ৰাণীগঞ্জ পৰীক্ষা কেন্দ্ৰ

🎬 Watch Now: Feature Video

thumbnail
বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে দুজনকৈ পৰীক্ষাৰ্থী (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 1:44 PM IST

1 Min Read
Choose ETV Bharat

বিলাসীপাৰা, 16 ফেব্ৰুৱাৰী: বিলাসীপাৰাৰ এটি মেট্ৰিক পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । বিদ্যালয় কৰ্তৃপক্ষই দুই পৰীক্ষাৰ্থীক পৰীক্ষাৰ এডমিট নিদিয়াৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে । পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ কান্দোনত ভাগি পৰিল দুই পৰীক্ষাৰ্থী ৷ পৰীক্ষাৰ্থী দুগৰাকী জাহানুৰ শ্বেখ আৰু মিনুৱাৰা বেগম ৷

জানিব পৰা মতে, সোনালুগুৰী হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনৰ ভুলৰ বাবে শিক্ষাৰ্থী দুগৰাকী পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয় বুলি জানিব পৰা গৈছে । ঘটনাক কেন্দ্ৰ কৰি ৰাণীগঞ্জ পৰীক্ষা কেন্দ্ৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । উল্লেখ কৰা প্ৰয়োজন যে, এডমিট কাৰ্ডৰ নামত জাহানুৰ শ্বেখ আৰু মিনুৱাৰা বেগম নামৰ শিক্ষাৰ্থী দুগৰাকীৰ পৰা সোনালুগুৰী হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনে দহ হাজাৰকৈ টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থী দুগৰাকীৰ পৰিয়ালে । কিন্তু তাৰপিচতো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নোৱাৰাত পৰীক্ষাৰ্থীৰ লগতে স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 

দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইনৰ বিৰুদ্ধে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ? 

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল প্ৰশ্নকাকত!

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details