ETV Bharat / state

কাণ্ডজ্ঞানহীন লোক নিৰ্মাণ বিভাগ - Poor Road Communication

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:15 PM IST

Poor Road Communication:পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ ৰাইজক । ৰাইজৰ অভিযোগৰ পিচতেই বন্ধ হ'ল কাম ।

Poor Road Communication
বোকাখাত নগৰৰ পথ (ETV BHARAT ASSAM)

বোকাখাত নগৰৰ পথ (ETV BHARAT ASSAM)

কাজিৰঙা, ৭ মে': উন্নয়নৰ শ্ল'গানেৰে মুখৰিত ৰাজ্যৰ চৌদিশ । এইবাৰ সবকা সাথ, সবকা বিকাশ শ্ল'গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিলে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল গ্ৰামাঞ্চলৰ বহতো ঠাইত । পিচে চহৰাঞ্চলটো এতিয়াও বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে একাংশ ৰাইজে । বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডে এই ছবিখনেই দাঙি ধৰিছে ।

বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ বিশিষ্ট সমাজকৰ্মী ভোলা শৰ্মা পথটোত আছে পুখুৰী সদৃশ গাঁত । উক্ত বিধ্বস্ত পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ অসম চৰকাৰ, লোক নিৰ্মাণ বিভাগক দাবী জনাইছে ক্ষুব্ধ ৰাইজে ।

ৰাইজে অভিযোগ কৰি কয় যে জনতাক হাৰাশাস্তি কৰাই যেন লোক নিৰ্মাণ বিভাগৰ কাম ৷ ৭ নং ৱাৰ্ডৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে খৰালিত সাৰ নাপায় লোক নিৰ্মাণ বিভাগে ৷ খৰালি কালত নিদ্ৰামগ্ন বোকাখাতৰ লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনাই ৰাইজক অতিষ্ঠ কৰি তোলা বুলি কয় স্থানীয় ৰাইজে । বতৰ বিজ্ঞান বিভাগে দীৰ্ঘদিন ধৰি দি আহিছে বতৰৰ আগলি বতৰা । জনাই আহিছে প্ৰবল বৃষ্টিপাতৰ কথা । কিন্তু কোনো বিজ্ঞানসন্মত কথা বতৰাক কেৰেপ নকৰি বাৰিষাৰ দোপালপিটা বৰষুণৰ মাজত পথ নিৰ্মাণ কৰিবলৈ লৈ এতিয়া বোকাখাতৰ চহৰৰ জনগণক গৃহবন্দী কৰিছে লোক নিৰ্মাণ বিভাগে ৷

বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ বিশিষ্ট সমাজকৰ্মী ভোলা শৰ্মা পথটোৰ বিধ্বস্ত ৰূপ দেখি ৰাইজে এই বিভাগটোৰ বিৰুদ্ধে ওলাই আহিছে । ছমাহ পূৰ্বেই নিবিদা যোগে কাম আৱণ্টন দিয়াৰ পাছতো কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ ৷ ইমানেই অমনোযোগী যে পথটো নিৰ্মাণ কৰিবলৈ দুয়ো ফালে খান্দি পেলোৱাৰ পাছত যি দুগাড়ীমান মাটি পেলালে সেয়াও পথৰ বাবে উপযোগী নহয় । বিভাগৰ এই কামৰ নমুনা দেখি ৰাইজে অভিযোগ উত্থাপন কৰাত বন্ধ হ'ল কাম । ইয়াৰ পিচত পুনৰ কাম আৰম্ভ কৰা নহ'ল । যাৰ বাবে সম্প্ৰতি নৰক যন্ত্ৰণা ভুগিছে অঞ্চলটোৰ নাগৰিকে ।

লগতে পঢ়ক:সোণাৰিত উন্নয়নৰ নমুনা, দলং বুলিবলৈ আছে মামৰে ধৰা কেইডালমান লো

লগতে পঢ়ক:Poor Road Communication:ৰঙিয়াৰ উদিয়ানাত পথৰ শীঘ্ৰে মেৰামতি কৰিবলৈ ৰাইজৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.