ETV Bharat / state

Poor road communication:ৰঙিয়াৰ উদিয়ানাত পথৰ শীঘ্ৰে মেৰামতি কৰিবলৈ ৰাইজৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:12 PM IST

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক । বিধায়ক ভৱেশ কলিতাৰ সমষ্টিতেই যাতায়াতৰ উন্নয়নৰ নমুনা । ঠেলিব লাগে মটৰ ।

Dilapidated road in Rangia
পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক

ৰঙিয়া, ৯ অক্টোবৰ: পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক । ৰাজ্যৰ বাট-পথৰ উন্নয়ণৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে । কি ৰদ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে পথটোৰ ওপৰত একাঠু বোকা পানীৰে ভৰা । পথ নে কঠিয়া ছটিওৱা পথাৰ ধৰিবই নোৱাৰি । বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত ৰঙিয়াৰ উদিয়ানাবাসীয়ে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে ।

বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিশু, বৃদ্ধ আৰু মহিলাসকলে যমৰ যাতনা ভুগি যাতায়াত কৰিবলগীয়া হয় । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাৰ পৰা উত্তৰ পথাৰ চুবুৰীলৈ যোৱা পথচোৱা বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী । যাৰ বাবে পথেটোৰে নিতৌ যাত্ৰা কৰা যাত্ৰীসকলে যমৰ যাতনা ভুগিবলগা হৈছে । এই পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে । কিন্তু এজাক বৰষুণতেই বোকা পানীৰে ভৰি পৰাৰ ফলত পথচোৱাৰে পাৰ হ'বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰীসকলে । যদিহে যান-বাহন পথটোত যায় তেন্তে ঠেলি ঠেলি পাৰ কৰিবলগীয়া হয় । যাৰ ফলত যাত্ৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সৃষ্টি হয় ।

ইফালে, জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে । বিধ্বস্ত পথটো মেৰামতিৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ।

ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে দাবী জনাইছে । অন্যথা অনাগত দিনত বৰ্তমানৰ বিধায়ক তথা বিজেপি নেতা ভবেশ কলিতাক উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে তেওঁলোকে ।

লগতে পঢ়ক: Protest in Rangia: ৰঙিয়াত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.