ETV Bharat / state

আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাক ভুল আখ্যা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:53 PM IST

Guwahati Air Quality Index: দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰলৈ গুৱাহাটী চিহ্নিত হোৱাতো উদ্বিগ্ন হৈ পৰিছে সচেতন মহল । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দাবী আই কিউ এয়াৰৰ তথ্য ভুল । ৰাজ্য চৰকাৰে তথ্য বিচাৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক ।

Pollution Control Board demand IQ AIR annual survey as wrong
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দাবী আই কিউ এয়াৰৰ তথ্য ভুল

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দাবী আই কিউ এয়াৰৰ তথ্য ভুল

গুৱাহাটী,২০ মাৰ্চ: দক্ষিণ মধ্য এছিয়াৰ ৰিজ'নেল চিটিবোৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰলৈ গুৱাহাটী চিহ্নিত হোৱাৰ পিচতে উদ্বিগ্ন হৈ পৰিছে মহানগৰবাসী । ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাত এই তথ্য প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যমতো প্ৰদূষণৰ বিষয় লৈ সৰৱ হৈ পৰিছে সচেতন লোকসকল ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰিৱেশ কৰ্মী মুবিনা আখটাৰে কয় যে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰলৈ গুৱাহাটী চিহ্নিত হোৱাটো সকলোৰে বাবে উদ্বিগ্নৰ খবৰ । দেখা যায় যে কিছু বছৰৰ পৰা গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । বৰ্ধিত যান-বাহনৰ ধোৱাই প্ৰদূষণ বৃদ্ধি কৰাৰ লগতে মহানগৰীত চলি থকা আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ লগতে উন্নয়নৰ নামত মহানগৰীৰ গছ-গছনি কাটি পেলোৱাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।

তদুপৰি বৰাগাঁও বেলৰ তলত থকা ডাম্পিং গ্ৰাউণ্ডত জুইৰ জ্বলোৱাৰ ফলতো প্ৰদূষণ বৃদ্ধি পাইছে । কিন্তু মহানগৰীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে প্ৰশাসনে কৰণীয় ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত নহ'ল । এটা সময়ত গুৱাহাটীখন বিশ্বৰ ভিতৰতে বছৰটো প্ৰদূষিত হৈ থকা চহৰলৈ পৰ্যবসিত হ'ব বুলি মত প্ৰকাশ কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে । ইপিনে ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষা প্ৰকাশ পোৱাৰ পিচতে হাহাকাৰ লাগিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদতো ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা গুৱাহাটীৰ প্ৰদূষণৰ তথ্য বিচাৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰক তথ্য দিবলৈ তৎপৰ হৈ পৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ । এই বিষয় সন্দৰ্ভত আনুষ্ঠানিক মন্তব্য দিয়াৰ পৰা বিৰত আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰেছ বিবৃতি যোগে জনায় যে ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাত ভুল তথ্য প্ৰকাশ পাইছে ।

কিয়নো ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাত ২০২৩ চনত মহানগৰীৰ বায়ুৰ ভাসমান কণা (পি এম ২.৫) প্রতি ঘনমিটাৰত হৈছে ১০৫.৪ মাইক্ৰণ । কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ২০২৩ ৰ তথ্য অনুসৰি মহানগৰীৰ বায়ুৰ ভাসমান কণা (পি এম ২.৫) প্রতি ঘনমিটাৰত হৈছে ৫২.৮ মাইক্ৰণ । ২০২২ চনত গুৱাহাটীত পার্টিকুলাৰ মেটাৰ অৰ্থাৎ পি এম ৰ পৰিমাণ আছিল প্রতি ঘনমিটাৰত ৫২.৬১ মাইক্রণ । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি ২০২২ আৰু ২০২৩ চনত মহানগৰীৰ বায়ুৰ ভাসমান কণা প্ৰায় একেই আছে । ছুইছ সংস্থা আই কিউ এয়াৰৰ বাৰ্ষিক সমীক্ষাই ৰাইজক ভুল পথে পৰিচালিত কৰিছে । এই তথ্যক লৈ ৰাজ্যবাসীক উদ্বিগ্ন নহ'বলৈ আহ্বান জনায় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ।

লগতে পঢ়ক: সাৱধান মহানগৰবাসী ! ক্ৰমাৎ বেয়ালৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.