সাৱধান মহানগৰবাসী ! ক্ৰমাৎ বেয়ালৈ গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক
Guwahati Air Quality Index: মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্রদূষণ ৷ ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে বায়ু প্ৰদূষণে । দেওবাৰৰ দিনটোত গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক আছিল 252 ৷

Published : March 19, 2024 at 10:11 AM IST
|Updated : March 19, 2024 at 10:57 AM IST
গুৱাহাটী, 19 মাৰ্চ: গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্রদূষণ । সোমবাৰৰ দিনটোত গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক 297 লৈ বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে উল্লেখ কৰা অনুসৰি, দেওবাৰৰ দিনটোত গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক আছিল 252 ৷
বিগত কিছুদিন ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক ‘বেয়া’ লৈ গতি কৰিছে । অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । যাৰ ফলত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ এক সূত্ৰই সদৰী কৰা মতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈ শুকান বতৰৰ বাবে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় । এই সময়ছোৱাত বতাহ বলি থকাৰ বাবে ব্ৰক্ষ্মপুত্ৰৰ বালি, বৰ্ধিত যান-বাহন, নিৰ্মাণ কাৰ্যৰ ফলত বায়ুৰ প্ৰদূষণ বৃদ্ধি হয় ।
বায়ুৰ প্ৰদূষণ ৰোধ কৰিবলৈ ৰাস্তা-ঘাটৰ বালি চাফ-চিকুন কৰিবলৈ আৰু নিৰ্মাণ কাৰ্য আদি বৈজ্ঞানিক পদ্ধতিৰে কৰিব লাগিব । সমান্তৰালভাৱে ৰাইজো সজাগ হ'ব লাগিব । ঘৰৰ চৌপাশ, গছ-গছনি আদিত পানী ছটিয়াব লাগে । বায়ু প্ৰদূষণৰ বাবে এই সময়ছোৱাত চকু, শ্বাস-প্ৰশ্বাস, ছালৰ লগতে বিভিন্ন ৰোগ হোৱা দেখা যায় ।
গুৱাহাটীত বায়ু প্ৰদূষণৰ সূচাংক 400 ৰ ওপৰলৈ গ'লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব । কিন্তু, মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ বাবে বৰ্তমান পৰ্যন্ত প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ, জিলা প্রশাসন, বন বিভাগ, পৰিবহন বিভাগ, গৃহ আৰু নগৰ উন্নয়ন বিভাগ, খাদ্য আৰু যোগান বিভাগ, উদ্যোগ বিভাগ, লোক নির্মাণ বিভাগ, যান-বাহন আৰক্ষী, জি এম চি আৰু জি এম ডি এ আদি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে, প্ৰদূষণ পৰিষদৰ তথ্য মতে, বায়ু প্ৰদূষণৰ সূচাংক 0-50 'ভাল', 50-100 ‘সন্তোষজনক', 100-200 ‘মজলীয়া', 200-300 'বেয়া', 300-400 'অতি বেয়া' আৰু 400 ৰ ওপৰলৈ গ'লে 'বিপজ্জনক' হিচাপে চিহ্নিত কৰা হয় ৷
লগতে পঢ়ক : বায়ু প্ৰদূষণৰ বাবে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা: অধ্যয়ন

