ETV Bharat / state

বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভৱন ভাৰ্চুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:34 PM IST

বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভৱন ভাৰ্চুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰীৰ
বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভৱন ভাৰ্চুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰীৰ

Barpeta KV : বৰপেটাৰ কৃষ্ণ নগৰত ২০০৩ চনত কেন্দ্ৰীয় বিদ্যালয়খন স্থাপন কৰা হৈছিল । বিদ্যালয়খনৰ স্থায়ী তথা পকীগৃহ নিৰ্মাণৰ কাম ২০২০ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হয় । কেন্দ্ৰীয় বিদ্যালয় সংগঠনে আগবঢ়োৱা ২৫ কোটি ২৫ লাখ টকাৰে বিদ্যালয় ভৱনটিৰ নিৰ্মাণকাৰ্য ২০২১ চনৰ এপ্ৰিলত সম্পূৰ্ণ হয় ।

বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভৱন ভাৰ্চুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰীৰ

বৰপেটা, ২০ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটি উদ্বোধন কৰে । জম্মুৰ পৰা ভাৰ্চুৱেলী সম্পন্ন কৰা এই কাৰ্যসূচীৰ বাবে বৰপেটা কেন্দ্ৰীয় বিদ্যালয় চৌহদত বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে । তদুপৰি, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী ক্ষেত্ৰীয় কাৰ্যালয়ৰ উপায়ুক্ত চন্দ্ৰশেখৰ আজাদ, সহায়ক আয়ুক্ত নৰেশ কুমাৰ, বৰপেটাৰ জিলা আয়ুক্ত আয়ুস গৰ্গো অনুষ্ঠানত উপস্থিত থাকে ।

আনহাতে, ভাৰ্চুৱেলী প্ৰদান কৰা উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত অভিলেখ সংখ্যক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে । দেশৰ প্ৰতিখন ৰাজ্য, প্ৰতিটো অঞ্চললৈ চৰকাৰে বিকাশৰ ধাৰা বোৱাই নিবলৈ সক্ষম হৈছে । প্ৰতিটো জাতি, জনগোষ্ঠী, সম্প্ৰদায়ৰ লোক এই বিকাশৰ ধাৰাত চামিল হৈছে । ইয়াৰ মূলতে হৈছে চৰকাৰৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতি ।

আনহাতে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে যে সময়ৰ লগে লগে শিক্ষা আৰু কৰ্মৰ ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন আহিছে । ইয়াৰ লগত তাল মিলাই আজিৰ যুৱ সমাজে নিজক আগবঢ়াই নিব লাগিব । বিশেষকৈ বৃত্তিমুখী ক্ষেত্ৰখনত যুৱ সমাজক আত্মনিয়োগ কৰিবলৈ মন্ত্ৰী পাটোৱাৰীয়ে আহ্বান জনায় । মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ কেন্দ্ৰীয় খণ্ডৰ যি ৪৪ খন শিক্ষানুষ্ঠান উদ্বোধন কৰে, তাৰ ভিতৰত বৰপেটা কেন্দ্ৰীয় বিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ বিদ্যালয় ।

উল্লেখযোগ্য যে বৰপেটাৰ কৃষ্ণ নগৰত ২০০৩ চনত বৰপেটা কেন্দ্ৰীয় বিদ্যালয়খন স্থাপন কৰা হৈছিল । দীৰ্ঘদিন অতি সাধাৰণ অৱস্থাত তথা ভাড়াঘৰত চলা বিদ্যালয়খনৰ স্থায়ী তথা পকীগৃহ নিৰ্মাণৰ কাম ২০২০ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হয় । ২০২১ চনৰ এপ্ৰিলত গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে । ইয়াৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সংগঠনে ২৫ কোটি ২৫ লাখ টকা আৱণ্টন দিয়ে ৷

লগতে পঢ়ক :জল পৰিবহণ খণ্ডৰ বিকাশৰ বাবে 254 কোটি টকাৰ প্ৰকল্প উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.