ETV Bharat / state

জল পৰিবহণ খণ্ডৰ বিকাশৰ বাবে 254 কোটি টকাৰ প্ৰকল্প উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:35 PM IST

Rs 254 crore project inauguration : কংগ্ৰেছৰ শাসনত চৰম অৱহেলিত আছিল দেশৰ জল পৰিবহণ ব্যৱস্থা ।‌ কিন্তু বিজে‌পিৰ দহ বছৰীয়া শাসনত দেশৰ জল পৰিবহণ ব্যৱস্থাৰ অভূতপূৰ্ব বিকাশ‌ হৈছ ৷ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

Etv BharatRs 254 crore project inauguration
জল পৰিবহণ (আই ডব্লিউ টি) খণ্ডৰ বিকাশৰ বাবে 254 কোটি টকাৰ প্ৰকল্প উদ্বোধন

জল পৰিবহণ (আই ডব্লিউ টি) খণ্ডৰ বিকাশৰ বাবে 254 কোটি টকাৰ প্ৰকল্প উদ্বোধন

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: মঙলবাৰে আভ্যন্তৰীণ জল পৰিবহণ (আইডব্লিউটি) খণ্ডক পুনৰুজ্জীৱিত কৰা আৰু উত্তৰ-পূব অঞ্চলত সংযোগ শক্তিশালী কৰাৰ পদক্ষেপ হিচাপে, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 254 কোটি টকা ব্যয়ৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰে । গুৱাহাটীৰ পাণ্ডুত কেবিনেট মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পসমূহৰ উদ্বোধন কৰে।

মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, বগীবিলত পেছেঞ্জাৰ কার্গো টার্মিনেল ( ডিব্ৰুগড় ), সোণামূৰাত ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপ'ৰ্ট টার্মিনেল (ত্ৰিপুৰা), কৰিমগঞ্জ আৰু বদৰপুৰৰ টার্মিনেলছৰ আপগ্রেড (কৰিমগঞ্জ) মুকলি কৰা হয় ৷ ইয়াৰোপৰি আই ডব্লিউ আই যোগীঘোপা টার্মিনেলৰ চৌহদ ৱালৰ নিৰ্মাণ আৰু ধুবুৰীত কাষ্টম ইমিগ্ৰেচন কাৰ্যালয় গৃহৰ নিৰ্মাণৰ আধৰশিলা স্থাপন কৰা হয় । আনহাতে কেবিনেট মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত দুই জলপথৰ ইলেকট্রিক কাটামাৰানৰ স্থাপন কৰা আৰু এন ই আৰত ড্রেজিং কৰ্প'ৰেচন ইণ্ডিয়াৰ ড্রেজিং অপাৰেচন আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত আইডব্লিউএআই-ৰ পদক্ষেপসমূহে উত্তৰ-পূবৰ আভ্যন্তৰীণ জলপথৰ ৰূপান্তৰ ঘটাব ৷ ইয়াৰোপৰি যাত্ৰীসকলৰ সুবিধাৰ্থে কাৰ্গো চলাচল সহজ কৰি তুলিব।

মন্ত্ৰী সোণোৱালে লগতে কয় যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচত ৰাষ্ট্ৰীয় জলপথ উন্নয়ণৰ প্ৰকল্পৰ কাম উন্নতভাৱে সময়মতে কৰা হৈছে । যোৱা দহ বছৰত ৰাষ্ট্ৰীয় জলপথ বৰাক আৰু ব্ৰক্ষ্মপুত্ৰত কেবাটাও কামৰ ৯০ শতাংশ সম্পূৰ্ণ হৈছে । গুৱাহাটীৰ পাণ্ডুত নিৰ্মাণ কৰি থকা জাহাজ‌ মেৰামতি কাৰখানা চলিত বছৰৰ শেষত সম্পূৰ্ণ হ'ব ।

তেওঁ কয় যে ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথত ১৬ ৰ খনন কৰাৰ বাবে আঠখন ড্ৰেজাৰৰ ব্যৱস্থা কৰা হৈছে। অহা ১০ বছৰত ৰাষ্ট্ৰীয় জলপথত চলাচল কৰিবলগীয়া ১০০০ খন‌ জাহাজ আৰু ফেৰীক green transport লৈ ৰূপান্তৰিত কৰা‌ হ’ব।

মন্ত্ৰী সোণোৱালে অভিযোগ কৰি কয় যে, কংগ্ৰেছৰ শাসনত চৰম অৱহেলিত আছিল দেশৰ জলপৰিবহণন ব্যৱস্থা ।‌ কিন্তু বিজে‌পিৰ দহ বছৰীয়া শাসনত দেশৰ জলপৰিবহণ ব্যৱস্থাৰ অভূতপূৰ্ব বিকাশ‌ হৈছে।

এই অনুষ্ঠানত সাংসদ কুইন ওজা, অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লাবৈদ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে ৷

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.