ETV Bharat / state

খুমটাইত বিজেপিৰ ৰণডংকা : কংগ্ৰেছৰ কথাত কোনো আগ্ৰহ নাই তাছাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:32 PM IST

Lok Sabha election 2024 : "কংগ্ৰেছ হ'ল এতিয়া খালি পাত্ৰ‌‌‌ গতিকে শব্দ অলপ বেচি দিবই । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিতে বেলেগ দলৰ পাৰ্থীয়ে ভোট পাবনে নাই সন্দেহ আছে ৷" কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷

LOK SABHA ELECTION 2024
খুমটাইত বিজেপিৰ ৰণডংকা

খুমটাইত বিজেপিৰ ৰণডংকা

গোলাঘাট, 21 মাৰ্চ : "আমি ৰাইজৰ ওচৰলৈ যাবলৈ সৰু সৰু সভা আয়োজন কৰিছো ৷ সৰু সৰু সভাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ যাবলৈ সুবিধা হয় ৷ ৰাইজ আমাৰ লগত আছে ৷ ৰাইজে লগ দিলে আত্মবিশ্বাস জাগে ৷ আমি ৰাইজৰ পৰা কেতিয়াও বিচ্ছিন্ন হোৱা নাই ৷ কংগ্ৰেছ শূন্য ৷ কংগ্ৰেছ থাকিলেহে ভাল লাগিব ৷ এইবাৰ কংগ্ৰেছ নাই কাৰণে ভাল লগা নাই ৷ কংগ্ৰেছৰ কথা মই নাজানো ৷ কংগ্ৰেছৰ বাবে অসমৰ 13 খন আসন নায়েই ৷ কংগ্ৰেছ আমাৰ বাবে খবৰ ৰাখিবলগা বিষয় নহয় ৷ কংগ্ৰেছৰ কথা মোক নুসুধিব ৷" কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

19 এপ্ৰিলৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে শাসক-বিৰোধী দলসমূহে । বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কেইবাখনো সভাত অংশগ্ৰহণ কৰে । খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত সমষ্টিটোত প্ৰচাৰ অভিযান চলাই খুমটাইৰ পৰা সৰ্বাধিক ভোট পোৱাৰ আশা কৰে তাছাই ৷

ভাষণত তাছাই কয় যে, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দল কোনোপধ্যেই জয়ী হ'ব নোৱাৰে । খালি পাত্ৰই এনেও বেছি শব্দ দিয়ে আৰু কংগ্ৰেছ হ'ল এতিয়া খালি পাত্ৰ‌‌‌ গতিকে শব্দ অলপ বেচি দিবই । বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰী বিধায়কসকল জনসাধাৰণৰ লগত ইমান সুন্দৰ সম্বন্ধ বৰ্তাই ৰাখিছে এই দৃশ্য পূৰ্বে কেতিয়াও হোৱা নাই ।

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিতে বেলেগ দলৰ পাৰ্থীয়ে ভোট পাবনে নাই সন্দেহ আছে বুলি বক্তব্য আগবঢ়ায় বিজেপি পাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ।

লগতে পঢ়ক: যিসকল লোকক আমাৰ দললৈ অহাটো বিচাৰিছো তেওঁলোক আহিবই: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.