ETV Bharat / state

ভূৰাগাঁৱৰ বানমুৰীৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন বিধায়ক ৰমাকান্ত দেউৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 9:49 PM IST

Morigaon Jute Warehouse Fire
48 ঘন্টাৰ পিছতো নিৰ্বাপিত হোৱা জুই

Morigaon Jute Warehouse Fire : অগ্নিকাণ্ড সংঘটিত হোৱা ভাৰতীয় মৰাপাট নিগমৰ গুদাম পৰিদৰ্শন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ অগ্নিকাণ্ডৰ 48 ঘন্টাৰ পিছতো নিৰ্বাপিত হোৱা জুই ৷

বানমুৰীৰ অগ্নিকাণ্ড স্থলী পৰিদৰ্শন বিধায়ক ৰমাকান্ত দেউৰীৰ

মৰিগাঁও, 16 ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বানমূৰীৰ ভাৰতীয় মৰাপাট নিগমৰ গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় বিশ কোটি টকাৰ মৰাপাট ভষ্মীভূত ৷ অগ্নিকাণ্ডৰ 48 ঘন্টাৰ পিছতো নিৰ্বাপিত হোৱা জুই ৷ আজি অগ্নিকাণ্ড সংঘটিত হোৱা ভাৰতীয় মৰাপাট নিগমৰ গুদাম পৰিদৰ্শন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

অগ্নিকাণ্ড স্থলীত উপস্থিত হৈ ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ লগতে গুদামত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ এক তদন্তৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাব বুলিও বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বানমূৰীত অৱস্থিত ভাৰতীয় মৰাপাট নিগমৰ ভূৰাগাঁও শাখাৰ মৰাপাট ভৰ্তি গুদামত বুধবাৰে সংঘটিত হৈছিল এক অগ্নিকাণ্ডৰ ঘটনা ৷ বুধবাৰে বিয়লি চাৰি বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত গুদামৰ লগতে বাহিৰত দ'ম কৰি থোৱা বুজন সংখ্যক মৰাপাট ভস্মীভূত হয় ৷ ইফালে এই গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডই 48 ঘন্টা অতিক্ৰম কৰাৰ পাচতো নিৰ্বাপিত হোৱা নাই জুই ৷ আজিও বৃহৎ গুদামটোত জ্বলি আছে হাজাৰ হাজাৰ কুইণ্টল মৰাপাট ৷

48 ঘন্টা ধৰি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় 20 কোটি টকাৰ মৰাপাট ভষ্মীভূত হোৱা বুলি অনুমান কৰা হৈছে ৷ ইফালে বৃহস্পতিবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ তদন্তৰ দায়িত্ব মৰিগাঁও জিলা আয়ুক্তক দিয়া হৈছে ৷

লগতে পঢ়ক : নিৰ্বাপিত হোৱা নাই জুই, গেৰুৱা বানমুৰীৰ অগ্নিকাণ্ড স্থলীত উপস্থিত হৰমীত সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.