ETV Bharat / state

কাজিৰঙাত মুকলি গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:58 PM IST

Updated : Mar 11, 2024, 1:04 PM IST

CNG station in Golaghat : অসম গেছ কোম্পানীয়ে কাজিৰঙাত স্থাপন কৰে গোলাঘাট জিলাৰ প্ৰথমটো চি এন জি ষ্টেচন ৷ মুকলি কৰে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতিয়াই ৷ অচিৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এশতকৈও অধিক চি এন জি ষ্টেচন স্থাপনৰ ঘোষণা অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীৰ ৷

MLA Bolin Chetia inaugurates first CNG station in Kaziranga
কাজিৰঙাত বিধায়ক বলীন চেতিয়াই মুকলি চি এন জি ষ্টেচন

কাজিৰঙাত বিধায়ক বলীন চেতিয়াই মুকলি চি এন জি ষ্টেচন

কাজিৰঙা, 11 মাৰ্চ : যি সময়ত যান-বাহনৰ পৰা নিৰ্গত হোৱা বিভিন্ন গেছে গোলকীয় উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ ঠিক তেনে সময়ত কাজিৰঙাৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে প্ৰদূষণ মুক্ত পৰিৱেশৰ এক পৰিকল্পনা ৷ কাজিৰঙাৰ অনিমেষ শইকীয়া নামৰ যুৱ ব্যৱসায়ীজনে কম্প্ৰেছড নেচাৰেল গেছ চমুকৈ চি এন জি ষ্টেচন আৰম্ভ কৰে ৷

অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতিয়াই এই ষ্টেচনটো মুকলি কৰি কয়, "পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ পৰিকল্পনাৰে অসমত স্থাপন কৰা হ’ব মুঠ 120 টা চি এন জি ফিলিং ষ্টেচন ৷ চি এন জি চালিত বাহনৰ গ্ৰাহকৰ বাবে 50 কি.মি. ব্যৱধানত চি এন জি ফিলিং ষ্টেচন স্থাপন কৰা হ’ব’’ ৷

তেওঁ আৰু কয়, ‘‘কাজিৰঙাত পৰ্যটক কঢ়িওৱা জীপচি গাড়ীসমূহৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবৰ বাবে অন্যান্য পেট্ৰ’ল চালিত বাহনসমূহকো চি এন জি চালিত ইঞ্জিনলৈ ৰূপান্তৰ কৰা উচিত ৷ ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেড (BPCL)ৰ সহযোগত বি পি চি এলৰ অধীনস্থ এই চি এন জি ষ্টেচনটো এতিয়া কাজিৰঙাৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে ৷"

উল্লেখ্য যে, বোকাখাতৰ উদ্যমী যুৱ ব্যৱসায়ী অনিমেষ শইকীয়াৰ মালিকানাধীন কাজিৰঙাৰ শিলজুৰিস্থিত এন আৰ এনাৰ্জী ষ্টেচনত পেট্ৰ’ল, ডিজেলৰ লগতে শেহতীয়াকৈ সংযোগ কৰা হৈছে ই ভি চাৰ্জিং ষ্টেচন ৷ বিগত বৰ্ষটোৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ই ভি চাৰ্জিং ষ্টেচনটো মুকলি কৰাৰ পিছত এই চি এন জি ফিলিং ষ্টেচনটো ইয়াৰ সৈতে সংযুক্ত কৰা হয় ৷

আনহাতে, এই অনুষ্ঠানত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী উপস্থিত থাকি কয়, "অসমৰ বিভিন্ন প্ৰান্তত গেছ কোম্পানীয়ে লাহে লাহে এনেদৰে চি এন জি ষ্টেচন বৃদ্ধি কৰিব পৰাটো কোম্পানীৰ এক বৃহৎ ব্যৱসায়িক সফলতা’’ ।

‘‘অসম চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত আগবাঢ়ি যাবলৈ সক্ষম হোৱা গেছ কোম্পানীয়ে অচিৰেই ৰাজ্যখনৰ বিভিন্ন জিলাত এশতকৈও অধিক চি এন জি ষ্টেচন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব ৷ অসম গেছ কোম্পানীৰ ভৌগোলিক এলেকাৰ 6 খন জিলাত আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত 20 টা চি এন জি ষ্টেচন স্থাপন কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এটা চি এন জি ষ্টেচনৰ পৰা আনটো ষ্টেচনলৈ যাতে দূৰত্ব 50 কিলোমিটাৰৰ ভিতৰত হয় তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব ।" তেওঁ কয় ৷

অসম গেছ কোম্পানীৰ কনষ্ট্ৰাকচন ৰিটেল বিজনেজৰ জ্যেষ্ঠ প্ৰবন্ধক পৰমেশ দত্তই আদৰণি ভাষণ দিয়া আৰু গেছ কোম্পানীৰ জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটোত উপস্থিত আছিল অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, পৰিচালন সঞ্চালক সমুজিৎ নেওগৰ লগতে উচ্চপদস্থ বিষয়াসকল, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী অৰুণ বিঘ্নেশকে ধৰি স্থানীয় বহু লোক ।

লগতে পঢ়ক: CNG bus in Guwahati: মহানগৰীত ১০০ খন CNG চালিত বাছ সেৱা মুকলি

Last Updated : Mar 11, 2024, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.