ETV Bharat / state

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত : প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:17 PM IST

Semi Conductor Unit in Assam : জাগীৰোডত ছেমি কণ্ডাক্টৰ বা অৰ্ধপৰিবাহী গোট স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ এয়া কেৱল জাগীৰোডৰ কাৰণে নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয় তেওঁ ৷

SemiConductor Unit in Assam
জাগীৰোডত ছেমি কণ্ডাক্টৰ গোট স্থাপন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী পীযুষৰ

মৰিগাঁও, 1 মাৰ্চ : মৰিগাঁৱৰ জাগীৰোডত ছেমি কণ্ডাক্টৰ বা অৰ্ধপৰিবাহী গোট স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী হাজৰীকাই ৷ এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, এয়া মৰিগাঁও তথা অসমৰ বাবে এটা ভাল খবৰ ৷ 27 হাজাৰ কোটি টকাৰ ব্যয়েৰে জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগ হ’ব ৷ ইয়াৰ বাবে অন্তৰৰ নিভৃত কোণৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক শ্ৰদ্ধা তথা সন্মান জনোৱাৰ লগতে ভগৱানে তেখেতক দীৰ্ঘায়ু কৰক বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত মাত্ৰ আঢ়ৈটা বছৰতে চকুৰ আগতে যথেষ্টখিনি কৰিলে ৷ তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা বুলি কয় তেওঁ ৷ লগতে মন্ত্ৰী হাজৰীকাই কয় যে, এয়া কেৱল জাগীৰোডৰ কাৰণে নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই উদ্যোগ স্থাপনৰ ফলত প্ৰায় 15 হাজাৰ নিয়োগ সৃষ্টি হ’ব ৷ ইয়াৰ পূৰ্বে এয়া কোনোৱে ভাবিবও পৰা নাছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া কৰি দেখুৱালে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ইফালে চৰকাৰৰ এই সিদ্ধান্তক লৈ আনন্দ প্ৰকাশ কৰিছে কাগজ কল কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া গণেশ সিঙে ৷

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠা হ'বলগীয়া তিনিটাকৈ ছেমি কণ্ডাক্টৰ বা অৰ্ধপৰিবাহী গোটৰ ভিতৰত অসমে লাভ কৰিছে এটা গোট ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনায় ৷ ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰা হ'ব এই গোট ৷ আগন্তুক ১০০ দিনৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ হ’ব লগা এই গোট স্থাপন হ’ব মৰিগাঁও জিলাৰ জাগীৰোডত ৷

লগতে পঢ়ক : উত্তৰ পূবৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ গোট অসমত; কেন্দ্ৰীয় কেবিনেটৰ তিনিটা গোটত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.