ETV Bharat / state

চৰাইদেউ মৈদামক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান মন্ত্ৰী যোগেন মহনৰ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 7:59 PM IST

Minister Jogen Mohan reacts on Charaideo maidam
চৰাইদেউ মৈদামক লৈ টনা-আজোৰা

Charaideo maidam controversy : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দিশে আগবাঢ়িছে চৰাইদেউ মৈদাম ৷ ইয়াৰ পিচতে চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলা নে শিৱসাগৰ জিলাত অন্তৰ্ভুক্তি হ’ব ইয়াকে লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ৷

চৰাইদেউ মৈদামক লৈ টনা-আজোৰা

মৰাণ, 25 ফেব্ৰুৱাৰী : "চৰাইদেউ মৈদাম এতিয়া চৰাইদেউ বা শিৱসাগৰৰ হৈ থকা নাই ৷ UNESCO-ই স্বীকৃতি প্ৰদান কৰাৰ পিচতে চৰাইদেউ মৈদাম ৰাষ্ট্ৰীয় সম্পদত পৰিণত হ’ব ৷ গতিকে মই ভাবো যে চৰাইদেউ উদ্যানখন স্থাপনৰ বাবে শিৱসাগৰ আৰু চৰাইদেউৰ দল সংগঠনসমূহে একলগ হৈ সন্মতি প্ৰদান কৰিব লাগে ৷ এনেধৰণে যদি বিতৰ্ক হৈ থাকে তেনেহ’লে কেন্দ্ৰীয় চৰকাৰ আৰু UNESCO ৰ চকুত পৰিলে আমি এটা ডাঙৰ সুবিধাৰ পৰা বঞ্চিত হ’ব পাৰো ৷" বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দিশত আগবঢ়া চৰাইদেউ মৈদামক লৈ বিতৰ্ক সৃষ্টি নকৰিবলৈ আহ্বান মন্ত্ৰী যোগেন মহনৰ ৷

চৰাইদেউ জিলাত থকা ঐতিহাসিক সম্পদৰাজিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভৰ দিশে আগবাঢ়িছে । কিন্তু চৰাইদেউক জিলা ঘোষণা কৰা আঠটা বৰ্ষ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত জিলাখনৰ সীমা নিৰ্ধাৰণকে ধৰি বৰ্তমানেও চৰাইদেউ মৈদাম ক্ষেত্ৰ আজিকোপতি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নোহোৱাক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ।

পূৰ্বে শিৱসাগৰ জিলাত থকা ঐতিহাসিক চৰাইদেউ মৈদাম শিৱসাগৰ জিলাত অন্তৰ্ভুক্তি হ'ব লাগিব বুলি চৰাইদেউ জিলাৰ দল-সংগঠনে দাবী জনোৱাৰ লগতে চৰাইদেউ জিলাৰ ৰাইজে চৰাইদেউ মৈদাম শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্তি হোৱাতো নিবিচাৰে বুলি দাবী কৰিছিল । এতিয়া চৰাইদেউ মৈদামক লৈ দুইখন জিলাৰ মাজত একপ্ৰকাৰে সংঘাতৰ সৃষ্টি হৈছে ।

ইয়াৰ পাচতে এই সম্পৰ্কত দেওবাৰে চৰাইদেউৰ সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে । চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ পক্ষত মন্ত্ৰী যোগেন মহন । মন্ত্ৰী মহনে জানিবলৈ দিয়ামতে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ সৈতে মাৰ্চৰ প্ৰথম সপ্তাহত আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

লগতে পঢ়ক: UNESCO Visits Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰ্যবেক্ষণ ইউনেস্কোৰ প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.