ETV Bharat / state

দৰঙত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:48 PM IST

Chandra Mohan Patowary
আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Vikash Yatra Darrang : বিকাশ যাত্ৰাৰ অংশ হিচাপে শনিবাৰে দৰঙত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ বিকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়ক অত্যাধুনিক ৰূপ দিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

মঙলদৈ, ২ মাৰ্চ: "দেশৰ সু-ভৱিষ্যতৰ বাবে উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব লাগিব। আমাৰ চৰকাৰে সেয়ে শিক্ষা খণ্ডৰ উন্নয়ন আৰু বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰিছে"- এই মন্তব্য ৰাজ্যৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী এফেয়াৰ্ছ আৰু সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজি বিকাশ যাত্ৰাৰ অংশ হিচাপে দৰং জিলাৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ৰূপান্তৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয় । তেওঁ লগতে কয় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলো ক্ষেত্ৰতে ব্যাপক পৰিৱৰ্তন আহিছে । এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ । এই যুগৰ চাহিদাৰ সৈতে খাপ খুৱাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক গঢ় দিব লাগিব ।

বৰ্তমান সময়ৰ সৈতে সংগতি ৰাখি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ্থীক শিক্ষা প্ৰদানৰ বাবে আধুনিক সা-সুবিধাযুক্ত শিক্ষানুষ্ঠানৰ প্ৰয়োজন । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সেয়ে ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ৰ আধুনিক শৈক্ষিক আন্তঃগাঁথনি গঢ় দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

ৰাজ্যখনত গ্ৰহণ কৰা বিকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়ৰ এনেদৰে অত্যাধুনিক ৰূপ দিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে । ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ৰূপান্তৰ প্ৰকল্পৰ বাবে আৱন্টিত ধনৰ পৰিমাণ হৈছে ৮ কোটি টকা । এই ৮ কোটি টকা ব্যয়ৰে বিদ্যালয়খনৰ স্মাৰ্ট শ্ৰেণীকোঠা, গৱেষণাগাৰ, কম্পিউটাৰ কক্ষ আদি অত্যাধুনিক সা-সুবিধা গঢ়ি তোলা হ'ব ।

দৰং জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বৰ্তমান চৰকাৰৰ কাৰ্যকালত দৰং জিলাত পথ যোগাযোগৰ পৰা কৃষিলৈকে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে অদূৰ ভৱিষ্যতে নিৰ্মাণ হ'বলগীয়া আৰু নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন প্ৰকল্পৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নী প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে দলগাঁও আৰু মঙলদৈৰ বিধায়ক দুগৰাকীৰ লগতে দৰঙৰ জিলা আয়ুক্ত আৰু উন্নয়ন আয়ুক্ত উপস্থিত আছিল। আজি পৰিৱেশ আৰু বন, সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমগ্ৰ শিক্ষা অসমৰ অধীনত আদৰ্শ বিদ্যালয়,পূব মঙলদৈৰ নৱনিৰ্মিত শিক্ষক আৱাসগৃহৰ শুভ উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত তেওঁৰ সৈতে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীও উপস্থিত আছিল ।

লগতে পঢ়ক: অসমৰ যোগাযোগ ব্যৱস্থা উন্নয়নত বিশ্ব বেংকৰ 452 নিযুত ডলাৰৰ কাৰ্যসূচীত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.