ETV Bharat / state

অসমৰ যোগাযোগ ব্যৱস্থা উন্নয়নত বিশ্ব বেংকৰ 452 নিযুত ডলাৰৰ কাৰ্যসূচীত অনুমোদন

World Bank Programme in Assam : এই কাৰ্যসূচীয়ে ৰাজ্যখনৰ নিজা ব্যৱস্থা ব্যৱহাৰ কৰি অসম লোক নিৰ্মাণ পথ বিভাগৰ বিত্তীয় আৰু ক্ৰয় প্ৰক্ৰিয়া শক্তিশালী কৰাত সহায় কৰিব আৰু দুৰ্যোগৰ বিপদাশংকা ব্যৱস্থাপনা উন্নত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব ।

অসমৰ বাবে বিশ্ব বেংকৰ 452 নিযুত ডলাৰৰ কাৰ্যসূচী
অসমৰ বাবে বিশ্ব বেংকৰ 452 নিযুত ডলাৰৰ কাৰ্যসূচী
author img

By ANI

Published : March 2, 2024 at 10:47 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২ মাৰ্চ : অসমৰ গ্ৰামাঞ্চলত বাস কৰা 1.8 নিযুতৰো অধিক লোকৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিশ্ব বেংকে এক নতুন কাৰ্যসূচীত অনুমোদন জনাইছে ।

উল্লেখ্য যে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আৰু দক্ষিণ-পূব এছিয়া তথা দক্ষিণ এছিয়াৰ বজাৰৰ প্ৰৱেশদ্বাৰ হৈছে অসম । আনহাতে, চাহ আৰু মছলাৰ দৰে ইয়াৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে ৰাজ্যখনে বিশ্বজনীন মূল্য শৃংখলাত প্ৰতিযোগিতাৰ পৰৱৰ্তী স্তৰলৈ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।

অৱশ্যে ৰাজ্যখনে সঘনাই বানপানী, ঘূৰ্ণীবতাহ আৰু ভূমিস্খলনৰ দৰে বতৰজনিত ঘটনাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ লগতে বৰ্তমানেও ক্ষুদ্ৰ কৃষক আৰু জনজাতীয় বাসস্থানবোৰ সকলো ঋতুৰ বাবে উপযোগী দলং আৰু ৰাস্তাৰে ভালদৰে সংযোজিত নহয় । যাৰ ফলত তেওঁলোকৰ জীৱন আৰু জীৱিকা প্ৰভাৱিত হৈ আহিছে ।

যাৰ বাবে বিশ্ব বেংকে ৰাজ্যখনৰ বাবে 452 নিযুত আমেৰিকান ডলাৰৰ অসম স্থিতিস্থাপক গ্ৰাম্য দলং কাৰ্যসূচী গ্ৰহণ কৰিছে । বিশ্ব বেংকৰ এক বিজ্ঞপ্তি অনুসৰি, এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে 1,739 খন গাঁৱত বাস কৰা লোকসকলক পাইকাৰী বজাৰ, বিদ্যালয়, চিকিৎসালয় আৰু কৰ্মস্থানত বছৰজুৰি যাব পৰাকৈ সহায় কৰাৰ বাবে পথ আৰু দলঙৰ স্থিতিস্থাপকতা আৰু ব্যৱস্থাপনা শক্তিশালী কৰা ।

এনেধৰণৰ উন্নত সংযোগৰ ফলস্বৰূপে পূৰ্বৰ ব্যয়ৰ বিপৰীতে পৰৱৰ্তী ছয় বছৰৰ ভিতৰত 82 নিযুত আমেৰিকান ডলাৰৰো অধিক সঞ্চয় হোৱাৰ সম্ভাৱনা আছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে ।

আনহাতে, এই কাৰ্যসূচীয়ে 2 কিলোমিটাৰ পথ বা সংগ্ৰহ স্থানৰ ভিতৰত বাস কৰা প্ৰায় 6,33,000 মহিলা পৰিচালিত বস্ত্ৰ আৰু হস্তশিল্প উৎপাদককো সংযোগ কৰিব ।

"এই কাৰ্যসূচীয়ে অসম চৰকাৰক মান সম্পন্ন চাকৰিৰ বাবে ব্যক্তিগত বিনিয়োগ আকৰ্ষিত কৰা, কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা আৰু মূল্য শৃংখল বৃদ্ধি কৰাত সহায় কৰিব । এনেদৰে গ্ৰাম্য খণ্ডত সামগ্ৰিক আৰু বৈচিত্ৰ্যপূৰ্ণ বিকাশত উদগনি যোগাব ।" বিশ্ব বেংকৰ ভাৰতৰ বাবে কাউণ্ট্ৰী ডাইৰেক্টৰ আগষ্ট টানো কুৱামে কয় ।

এই কাৰ্যসূচীয়ে ৰাজ্যখনৰ নিজা ব্যৱস্থা ব্যৱহাৰ কৰি অসম লোক নিৰ্মাণ পথ বিভাগৰ বিত্তীয় আৰু ক্ৰয় প্ৰক্ৰিয়া শক্তিশালী কৰাত সহায় কৰিব আৰু দুৰ্যোগৰ বিপদাশংকা ব্যৱস্থাপনা উন্নত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব ।

"ইয়াৰ উপৰি ই দলং ডিজাইন, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় চাকৰিত মহিলাৰ অংশগ্ৰহণ প্ৰায় ২০ শতাংশ বৃদ্ধি কৰাত সহায় কৰিব । লগতে গ্ৰাম্য পৰিবহণ কেন্দ্ৰসমূহত ডিজিটেল প্লেটফৰ্ম পৰিচালনা কৰাত সহায় কৰিব ।" কাৰ্যসূচীটোৰ বাবে টাস্ক দলৰ নেতা টেছফামাইকেল মিটিকু, অনুপ কৰণথ আৰু বিকেএম আশ্ৰাফুল ইছলামে কয় ।

উল্লেখ্য যে বিশ্ব বেংকৰ এই ঋণ ১৯ বছৰ বাবে আৰু ইয়াৰ বাবদ অন্য ৪.৫ বছৰ অতিৰিক্ত সময় দিয়া হ'ব ।

লগতে পঢ়ক :উত্তৰ পূবৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ গোট অসমত; কেন্দ্ৰীয় কেবিনেটৰ তিনিটা গোটত অনুমোদন