ETV Bharat / state

জুলাইৰ পৰা মহানগৰীৰ লক্ষাধিক পৰিয়ালে লাভ কৰিব খোৱাপানীৰ সুবিধা : অশোক সিংহল

জনতা ভৱনত 'মিছন ফ্লাড ফ্ৰী'ৰ উচ্চস্তৰীয় বৈঠকত মন্ত্ৰী অশোক সিংহল । বাহিনী, ভৰলু, লখিমীজান আৰু মৰা ভৰলু নদীৰ কাষৰ বেদখলমুক্ত কৰাৰ নিৰ্দেশ । কৃত্ৰিম বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহৰ নলা-নৰ্দমা পৰিষ্কৰণৰ কাম নিয়মীয়াভাৱে অব্যাহত ৰখাৰ নিৰ্দেশ । পূব শৰণীয়াত গুৱাহাটী জল ব’ৰ্ডৰ ২০০০০ সংখ্যক খোৱাপানীৰ সংযোগ প্ৰদান মন্ত্ৰী সিংহলৰ ।

Flood free Guwahati campaign
নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল
author img

By ETV Bharat Assamese Team

Published : March 15, 2024 at 10:53 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৫ মাৰ্চঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । বিশেষকৈ বানমুক্ত গুৱাহাটী অভিযান (মিছন ফ্লাড ফ্ৰী) গ্ৰহণ কৰা হৈছে । তাৰেই অংশ স্বৰূপে আজি জনতা ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত বানমুক্ত গুৱাহাটী অভিযানৰ (মিছন ফ্লাড ফ্ৰী) এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ।

Flood free Guwahati campaign
নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল

ৰে'লৱে, অইল ইণ্ডিয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে ৰাজ্য চৰকাৰৰ জলসম্পদ, লোক নিৰ্মাণ, গুৱাহাটী পৌৰ নিগম আদি সংশ্লিষ্ট কেইবাটাও বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ভাগ লোৱা বৈঠকত বানমুক্ত গুৱাহাটী অভিযানৰ শেহতীয়া কাম-কাজৰ পৰ্যালোচনা কৰা হয় । ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট আৰু বৰাগাঁও অঞ্চলৰ লগতে মহানগৰীৰ কৃত্ৰিম বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহৰ নলা-নৰ্দমা পৰিষ্কৰণৰ কাম নিয়মীয়াভাৱে অব্যাহত ৰাখিবলৈ মন্ত্রীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে । বাহিনী, ভৰলু, লখিমীজান আৰু মৰা ভৰলু নদীৰ কাষৰ অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ ল'বলৈও মন্ত্রী সিংহলে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰৰ বাৰিষাত যাতে মহানগৰীত কৃত্ৰিম বানৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ লগতে প্ৰতি ১৫ দিনৰ অন্তৰত মিছন ফ্লাড ফ্ৰীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবেও গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব তথা কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক মন্ত্রীগৰাকীয়ে নিৰ্দেশ দিয়ে । বৈঠকত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱনৰ লগতে বানমুক্ত গুৱাহাটী অভিযানৰ লগত জড়িত সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল ।

আনহাতে, বিয়লি মন্ত্ৰী সিংহলে গুৱাহাটীৰ পূব শৰণীয়া মূল পথৰ ঘৰ নং-৭ত (জগদীশ এনক্লেভ) গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয় প্ৰণালী পৰিষদ, চমুকৈ গুৱাহাটী জল ব'ৰ্ডৰ দ্বাৰা মহানগৰীৰ ২০,০০০ সংখ্যক খোৱাপানীৰ সংযোগ ব্যৱস্থা আনুষ্ঠানিকভাৱে প্ৰদান কৰে । সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্রী সিংহলে কয় যে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীৰ বেছিভাগ অঞ্চলতে খোৱাপানীৰ সংযোগ প্ৰদানৰ লক্ষ্যত উপনীত হ'ব পৰা যাব । লোকসভা নিৰ্বাচনৰ পাছতে মে' মাহত উত্তৰ গুৱাহাটী আৰু জুনত দক্ষিণ গুৱাহাটী পানীযোগান প্ৰকল্প কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্রী সিংহলে কয় যে চলিত বৰ্ষৰ জুলাইৰ পৰা মহানগৰীৰ লক্ষাধিক পৰিয়ালে খোৱাপানীৰ সুবিধা লাভ কৰিব । এই কাৰ্যসূচীৰ পাছতে মন্ত্ৰীগৰাকীয়ে পূব শৰণীয়া মূল পথৰ নলা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে ১ নং উপপথত কৃত্ৰিম বানৰ সমস্যাৰো বুজ লয় ।

লগতে পঢ়ক:হোজাইত সামৰণি পৰিল দুসপ্তাহজোৰা বিকাশ যাত্ৰা