ETV Bharat / state

মৰিগাঁৱত ভূমি পট্টা বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

Land Patta Distribution : মৰিগাঁৱত মিছন বসুন্ধৰা 2.0 ৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠান ৷ ভূমি পট্টা বিতৰণ কৰে অসম চৰকাৰৰ পৰিবহণ,মীন, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

Land Patta Distribution
মৰিগাঁৱত মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 9:56 PM IST

2 Min Read
Choose ETV Bharat
মৰিগাঁৱত ভূমি পট্টা বিতৰণ

মৰিগাঁও, 25 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দেওবাৰে মৰিগাঁৱত মিছন বসুন্ধৰা 2.0 ৰ অধীনত ভূমি পট্টা বিতৰণ কৰা হয় ৷ ভূমি পট্টা বিতৰণ কৰে অসম চৰকাৰৰ পৰিবহণ,মীন, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুঠ 3,371 জনক ভূমি পট্টা প্ৰদান কৰা হয় ৷

মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হোৱা ভূমি পট্টা প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ পৰিবহণ,মীন, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে, চৰকাৰে এই সপ্তাহত দুই লাখ মানুহক ভূমি পট্টা প্ৰদান কৰিব ৷ ৰাজ্যত প্ৰায় 12 লাখ মানুহে ভূমি পট্টাৰ বাবে অনলাইনযোগে আবেদন কৰিছে ৷ সকলোৱে পৰ্যায়ক্ৰমে এই ভূমি পট্টা লাভ কৰিব ৷ ইয়াৰ বাবে চৰকাৰে যথেষ্ট কৰিব লগীয়া হৈছে ৷ জিলা প্ৰশাসনে তন্ন তন্ন কৈ চাব লগা হৈছে বুলি কয় মন্ত্ৰী শুক্লবৈদ্যই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, এই অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, জিলা আয়ুক্ত দেবাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানত জাগীৰোড বিধান সভা সমষ্টিৰ কেইবাহাজাৰ লোকক ভূমি পট্টা প্ৰদান কৰাৰ বিপৰীতে মৰিগাঁও আৰু লাহৰীঘাট বিধান সভা সমষ্টিৰ মুঠ 3,371 গৰাকী খিলঞ্জীয়া ব্যক্তিক ভূমি পট্টা প্ৰদান কৰা হয় ৷ আনহাতে জিলাখনত 15,766 গৰাকী আবেদনকাৰী আছিল বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পাচতে আৰম্ভ হ'ব বসুন্ধৰা 3.0