ETV Bharat / state

দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱা কিমানে পালে সংস্থাপন : বিধানসভাৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত প্ৰকাশ - Assam Skill Development Mission

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 2:16 PM IST

UNEMPLOYMENT OF ASSAM : অসম বিধানসভাৰ ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য ৷ দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱা ১,৩১,৪৮৭ গৰাকীয়ে এতিয়াও লাভ কৰা নাই সংস্থাপন ৷ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে প্ৰশিক্ষণ দিয়া ২,১৫,৭৭১ গৰাকীৰ ৮২,২৮৪ গৰ‍কীয়ে লাভ কৰিছে কৰ্মসংস্থাপনৰ "অফাৰ" ৷ দক্ষতা বিকাশৰ বাবে অসমত স্থাপিত ১৪১ খন চৰকাৰী-বেচৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণৰ ব্যৱস্থা ৷ নিয়োগ বিনিময় কেন্দ্ৰই দুবছৰত ব্যক্তিগত খণ্ডত সংস্থাপন দিলে মাত্ৰ ৮৭৬ জনক ৷

ASSAM SKILL DEVELOPMENT MISSION
বিধানসভাৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদন (Source : Internet)

গুৱাহাটী, ১৭ মে’ : নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিতহে অধিক গুৰুত্ব আৰোপ কৰি আহিছে ৷ যাৰ ফলত সংস্থাপনহীনতাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ লক্ষণীয় বিষয় যে, নিবনুৱাক সংস্থাপন দিয়াৰ অন্যতম এটা প্ৰতিশ্ৰুতি আছিল বিজেপি চৰকাৰৰ ৷

কিন্তু চৰকাৰ গঠন কৰাৰ পাছত সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ ৰাজ্যখনত নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ইফালে ৰাজ্যখনত বহু যুৱক-যুৱতীয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱাৰ পাছতো ৰোজগাৰ লাভৰ পৰা বঞ্চিত হৈ আছে ৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিলেও কর্মসংস্থাপন দিয়াত চৰম ব্যৰ্থতাৰ পৰিচয় দিছে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগটোৱে ৷ ৰাজ্য চৰকাৰৰ এই বিভাগটোৰ অধীনত দক্ষতা বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সাতখন আঁচনি গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ দ্বাৰা উপকৃত হোৱা প্ৰশিক্ষাৰ্থীৰ সংখ্যা তেনেই নগণ্য ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এনে ব্যৰ্থতাৰ ছবিখন উন্মোচন হৈছে বিভাগীয়ভাৱে সম্পৰ্কিত ষ্টেণ্ডিং কমিটীৰ প্ৰতিবেদন ৷ প্ৰতিবেদনখনত স্পষ্টভাৱে দেখুওৱা হৈছে যে, এই বিভাগৰ দ্বাৰা দক্ষতা বিকাশৰ বাবে ছয়খনকৈ বিয়াগোম আঁচনি গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ জৰিয়তে সংস্থাপন লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা তেনেই নগণ্য ৷

প্ৰতিবেদনৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাকে (দ্বিতীয় আৰু তৃতীয় পৰ্যায়) ধৰি বিগত সময়ছোৱাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে ২,১৫,৭৭১ জন যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে যদিও এতিয়ালৈ কৰ্মসংস্থাপনৰ বাবে ‘অফাৰ’ কৰা হৈছে ৮৪,২৮৪ গৰাকী যুৱক-যুৱতীকহে ৷ সেই হিচাপত দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ ১,৩১,৪৮৭ জন প্ৰশিক্ষার্থীয়ে আজিও নাপালে কোনো ধৰণৰ সংস্থাপন ৷ লক্ষণীয়ভাৱে এই সময়ছোৱাত ৰাজ্যৰ চৰকাৰী আই টি আইৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা আৰু অধিক নগণ্য ৷

উল্লেখ্য যে, অসম চৰকাৰে বৰ্তমান দক্ষতা বিকাশৰ বাবে অসমত স্থাপিত ১৪১ খন চৰকাৰী-বেচৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ক্ৰাফ্টমেন ট্ৰেইনিং আঁচনিৰ অধীনত বিভিন্ন ট্ৰেডত প্ৰশিক্ষণ দি আছে ৷ তদুপৰি যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনি সাতখন হৈছে - প্ৰেছমেণ্ট লিংক স্কীল ডেভেলপমেন্ট ট্ৰেইনিং প্ৰগ্ৰাম (PLSDTP), প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (PMKVY), চি এছ এছ এম, দা নর্থ ইষ্ট স্কীল চেণ্টাৰ (NESC), দক্ষতা অধিগ্ৰহণ আৰু জ্ঞান সজাগতাৰ বাবে জীৱিকা নিৰ্ভৰ পদোন্নতি (SANKALP), পি এম কে ভি ৱাই-আৰ পি এল (ৰিকোগনাইজেচন অব প্ৰায়'ৰ লাৰ্ণিং) চি এছ এছ এম, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা নিৰ্ভৰ অভিযান (DAY-NULM) আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু বিত্তীয় উন্নয়ন নিগম (NSFDC)।

উল্লেখ্য যে, অসম বিধানসভাৰ সদস্য তথা বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ অধ্যক্ষতাত আৰু ২৪ জনীয়া জনপ্ৰতিনিধিৰে গঠিত এই ষ্টেণ্ডিং কমিটীৰ ‘Departmentally related standing committee on development (B) departments' শীর্ষক প্ৰতিবেদনখন ২৫ ফেব্ৰুৱাৰীত পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত দাখিল কৰা হয় ৷ এই প্ৰতিবেদনত কোৱা হয় যে, ৰাজ্যত ৰূপায়িত কৰ্মসংস্থাপনৰ বাবে যি দক্ষতা বিকাশৰ কাৰ্যসূচী (PLSDTP) গ্ৰহণ কৰা হৈছে, ইয়াৰ জৰিয়তে ৫০১ টা প্ৰশিক্ষণ সহযোগী আৰু ১,৩৪৯ টা প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ১,৫১,৪৫২ গৰাকী নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণৰ বাবে নামভৰ্তি কৰোৱা হয় আৰু ইয়াৰে ১,১১,০২৬ জনক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷

তাৎপর্যপূর্ণ কথা যে, ফেব্ৰুৱাৰী মাহলৈ ইয়াৰে ৫৭,৪৮৬ জন প্ৰশিক্ষাৰ্থীকহে কর্মসংস্থাপনৰ বাবে আহ্বান জনোৱা হয় ৷ ইফালে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত ৰাজ্যত নিবনুৱাৰ দক্ষতা বিকাশৰ বাবে ৪৮ টা ট্ৰেইনিং প্ৰভাইডাৰ আৰু ১৭১ টা ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰি মুঠতে ৩৫,০৩৯ জনক প্ৰশিক্ষণ দিয়ে যদিও যোৱা ফেব্ৰুৱাৰী মাহলৈ মাথো ১১,১৮৮ জনকহে কর্মসংস্থাপনৰ বাবে আহ্বান জনোৱা হয় ৷

তেনেদৰে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা নিৰ্ভৰ অভিযানৰ অধীনত ৰাজ্যখনৰ ৩০ খন জিলাত ২৯,২৮০ গৰাকী নিবনুৱাক প্ৰশিক্ষিত কৰে যদিও ইয়াৰে ১৫,৬১০ জনেহে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, প্ৰতিবেদনখনত কোৱা হৈছে এন এছ চি চিয়ে ২,০৫,৩১৭ জন দক্ষ কর্মীক কৃষি, হস্ততাঁত আৰু বস্ত্ৰশিল্প, নিৰ্মাণ, পর্যটন আদি খণ্ডৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লক্ষ্য কৰি কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও মূৰকত মাথোঁ ১,৪৮,৫০৬ জনকহে প্ৰমাণপত্ৰ দিবলৈ সক্ষম হয় ৷

লক্ষণীয়ভাৱে বিগত তিনিটা বছৰত নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে অসম চৰকাৰে ৭,০১৪ জনকহে কর্মসংস্থাপন দিবলৈ সক্ষম হৈছে ৷ প্ৰতিবেদন অনুসৰি ২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ নিয়োগ বিনিময় কেন্দ্ৰই ব্যক্তিগত খণ্ডত ৮৭৬ জনক কর্মসংস্থাপন দিয়ে ৷ এনে সময়তে আই টি আইৰ প্লেচমেণ্ট কোষৰ দ্বাৰা নিয়োগ মেলাৰ জৰিয়তে ৫,৫১৪ জনক কর্মসংস্থাপন দিয়া হৈছে ৷

নিয়োগ মেলাৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ কৰ্মসংস্থাপন দিবলৈ সক্ষম হয় ৪১৪ জনক ৷ ডি ই চি টিৰ অধীনত নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে কর্মসংস্থাপন দিয়া হয় ২১০ জনক ৷ এনেকৈয়ে নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱাৰ পাছতো বহুতে লাভ কৰা নাই কোনো ধৰণৰ সংস্থাপন ৷

লগতে পঢ়ক: ২৭০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ৰতন টাটাক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.