ETV Bharat / state

চিৰাঙত হাত এৰি নাঙলত ধৰিলে জিলা সভাপতি-সম্পাদকে; বিপিএফত যোগদান ৫ শতাধিকৰ

Chirang BPF Joining Programme : চিৰাঙত বিপিএফৰ যোগদান সভাত কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি, সাধাৰণ সম্পাদকসহ জিলা কংগ্ৰেছৰ ৫ শীৰ্ষ নেতা আৰু অন্যান্য ৫ শতাধিকৰ বিপিএফত যোগদান ।

চিৰাঙত বিপিএফত যোগদান ৫ শতাধিকৰ
চিৰাঙত বিপিএফত যোগদান ৫ শতাধিকৰ
author img

By ETV Bharat Assamese Team

Published : February 19, 2024 at 7:46 PM IST

2 Min Read
Choose ETV Bharat
চিৰাঙত বিপিএফত যোগদান ৫ শতাধিকৰ

চিৰাং, ১৯ ফেব্ৰুৱাৰী : ৰাজ্যৰ উজনি-নামনি সৰ্বত্ৰে কংগ্ৰেছ দলত আৰম্ভ হৈছে তীব্ৰ খহনীয়া । এইবাৰ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি, সাধাৰণ সম্পাদকসহ দলৰ অন্যান্য নেতা-কৰ্মীয়ে কংগ্ৰেছ এৰি বিপিএফ দলত যোগদান কৰে । সোমবাৰে চিৰাঙৰ ছামঠাইবাৰীৰ বাথৌ খেৰাই ৰিজ'ৰ্টত অনুষ্ঠিত হয় বিপিএফৰ যোগদান সভা ।

এই সভাত দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আগন্তুক লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাণজিত বসুমতাৰীয়ে বিপিএফত যোগদান কৰে । তেওঁৰ লগতে জিলা কংগ্ৰেছৰ উপ-সভাপতি আমিনুল হক, জিলা সাধাৰণ সম্পাদক আফজাল খান আৰু জিলা সম্পাদক মহাদেৱ প্ৰসাদ শ্বাহসহ কংগ্ৰেছৰ অন্যান্য নেতা-কৰ্মীয়ে কংগ্ৰেছ দল এৰি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।

উল্লেখ্য যে বিপিএফৰ গোৰ্খা কোষে আয়োজন কৰা সোমবাৰৰ এই যোগদান অনুষ্ঠানত কংগ্ৰেছ, ইউপিপিএল, বিজেপি, জিএছপি আদি ৰাজনৈতিক দলৰ উপৰি অন্যান্য দল-সংগঠনৰ পৰা পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে । আনহাতে, যোগদান অনুষ্ঠানৰ পিচত সাংবাদিকেৰে হোৱা মত বিনিময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে আগন্তুক লোকসভা নিৰ্বাচন বিপিএফৰ কাৰণে অতি ভাল হ'ব । দলটোৱে যেনেদৰে ৰাইজৰ সঁহাৰি লাভ কৰিছে সেয়া সঁচাকৈয়ে শুভ লক্ষণ ।

ইফালে স্বপ্না বেজবৰুৱা ৰচিত 'হাগ্ৰামা মহিলাৰী' নামৰ গ্ৰন্থখনত বড়োসকলক অসমীয়াসকলে দীৰ্ঘদিন ধৰি দমন তথা একাষৰীয়া কৰি ৰখাৰ ফলতে বড়োসকলে নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰা প্ৰসংগত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে এয়া একেবাৰে সঁচা কথা । গ্ৰন্থকাৰে এই কথা সাহসেৰে গ্ৰন্থখনত উল্লেখ কৰাৰ বাবেও তেওঁক প্ৰশংসা কৰে হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক :জন্মস্থান গোলাঘাটত অগপৰ জিলা কাৰ্যালয় মুকলি: পাঁচ শতাধিকৰ যোগদান