ETV Bharat / state

বিয়ালৈ আহি কইনাৰ গহনা-কাপোৰ চুৰি কৰা চোৰক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 7:33 PM IST

Guwahati Thief update
চোৰক ধৰিবলৈ সক্ষম হ’ল নুনমাটি আৰক্ষী

Guwahati Thief update : অৱশেষত নুনমাটি আৰক্ষীৰ জালত পৰিল দ্য ক্ৰাউন বিবাহ ভবনত বৰযাত্ৰীৰ ৰূপত অহা চোৰটোক ৷ ধৃত চোৰটোৰ নাম গোলাপ বৰা ৷ লগতে ধৃত গোলাপ বৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি সামগ্ৰীখিনিও ৷

চোৰক ধৰিবলৈ সক্ষম হ’ল নুনমাটি আৰক্ষী

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী : গুৱাহাটীৰ মঠঘৰীয়াস্থিত "দ্য ক্ৰাউন" বিবাহ ভবনত কইনাৰ সোণৰ অলংকাৰ, কাপোৰভৰ্তি বেগ চুৰি কৰি পলায়ন কৰা চোৰক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল নুনমাটি আৰক্ষী । চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰাৰ লগতে ম’বাইলৰ লোকেশ্যন ট্ৰেছ কৰি চুৰিবিদ্যাত অভ্যস্ত বৰযাত্ৰীৰ ৰূপত অহা চোৰটোক কাৰায়ত্ত কৰে আৰক্ষীয়ে ৷

জানিব পৰা মতে, নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম টামাঙৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সোমবাৰে পুৱা প্ৰায় ৯ বজাত নুনমাটিৰ মছজিদ গলিত চলায় অভিযান ৷ এই অভিযানতে গোলাপ বৰা নামৰ চোৰটোক আটক কৰে আৰক্ষীয়ে ৷ ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা কইনাৰ সোণৰ অলংকাৰ আৰু কাপোৰৰ বেগটো ।

তথ্য অনুসৰি, মছজিদ গলিত ভাড়াতীয়া হিচাপে থকা ধৃত গোলাপ বৰাই গুৱাহাটী কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ এটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীত কৰ্মৰত হৈ আছিল । আৰক্ষীৰ জেৰাত ফ্লেট ক্ৰয় কৰাৰ বাবে ধৃত গোলাপ বৰাই এই চুৰিকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়ে । ধৃত চোৰটো পূৰ্বেও গাড়ী চুৰি কাৰ্যৰ লগত জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, যোৱা ১৬ ফেব্ৰুৱাৰীৰ দিনা আছিল গুৱাহাটীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয়ে বিবাহৰ অনুষ্ঠান ৷ মঠঘৰীয়াৰ দ্য ক্ৰাউন বিবাহ ভবন আয়োজিত এই অনুষ্ঠানৰ দিনাই বৰযাত্ৰী ৰূপত বিবাহস্থলীত উপস্থিত হৈছিল গোলাপ বৰা নামৰ এটা চোৰ ৷ এই চোৰটোৱে অতি কৌশলেৰে দৰাই কইনাক দিয়া সোণৰ গহনা, কাপোৰভৰ্তি বেগ লুটি লৈ গৈছিল ।

পিচত দৰাৰ পৰিয়ালে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি এজন অচিনাক্ত যুৱকে কইনাৰ গহনা-কাপোৰ ভৰ্তি বেগ লৈ যোৱা দৃশ্য ধৰা পেলায় । তাৰ পাচতে ঘটনা সন্দৰ্ভত দৰা বিবেক ৰায়ে নুনমাটি থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অতি তৎপৰতাৰে কৰায়ত্ত কৰে বৰযাত্ৰী ৰূপত বিবাহস্থলীত প্ৰৱেশ কৰা ধৃত গোলাপ বৰাক ৷

লগতে পঢ়ক : বিয়ালৈ আহি কইনাৰ গহনা-কাপোৰ সকলো লুটিলে চোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.