ETV Bharat / state

কাজিৰঙাত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন - International Day of Biodiversity

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:48 PM IST

International Biodiversity Day : ২২মে’, আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস ৷ জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ এই বিশেষ দিনটোত 'দ্য কৰবেট ফাউণ্ডেচন'ৰ উদ্যোগত কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানৰ মাজেৰে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ প্ৰয়াস প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থাটোৰ ৷ কাজিৰঙা বন বিভাগ আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰো সহযোগ ৷

International Biodiversity Day
কাজিৰঙাত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন (ETV Bharat Assam)

কাজিৰঙাত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন (ETV Bharat Assam)

কাজিৰঙা, ২২ মে' : প্ৰতি বছৰে ২২ মে’ৰ দিনটো বিশ্বত আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস হিচাপে উদযাপন কৰা হয় ৷ প্ৰকৃতিৰ জৈৱ-বিচিত্ৰতাক সংৰক্ষণ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই দিনটো সমগ্ৰ বিশ্বতে জৈৱ-বৈচিত্ৰ্য দিৱস হিচাপে উদযাপন কৰা হয় ৷

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে বিশ্বৰ পটভূমিত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিশেষ ভূমিকা আছে ৷ অৱশ্যে জীৱশ্ৰেষ্ঠৰ ছত্ৰছায়াতে জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰাণীকুলৰ লগতে উদ্ভিদকুলৰো এক গুৰুত্বপূৰ্ণ উৰ্বৰ ভূমি হিচাপে পৰিচিত সেউজ কাৰ্বি পাহাৰৰ বক্ষৰ অকথিত বেদনাৰ ছবিখনো দেখা পোৱা যায় ৷

আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য

ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ২০০০ চনৰ পৰা ২২ মে’ৰ দিনটোক আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে- 'পৰিকল্পনাৰ অংশীদাৰ হওক', যাক ইংৰাজীত কোৱা হৈছে 'Be part of the Plan' ।

কাজিৰঙাত জৈৱ-বৈচিত্ৰ্য দিৱস উদযাপন

জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ এই বিশেষ দিনটোত 'দ্য কৰবেট ফাউণ্ডেচন'ৰ উদ্যোগত কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব জৈৱ-বৈচিত্ৰ্য দিৱস ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত বিভিন্ন অনুষ্ঠানৰ মাজেৰে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সজাগতাৰ প্ৰয়াস কৰিছে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থাটোৱে ৷ আনহাতে, ইয়াত সহযোগিতা আগবঢ়াই কাজিৰঙা বন বিভাগ আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই ৷

কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই দিৱসৰ কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী তথা জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷

লগতে পঢ়ক :বাৰিষাৰ বানৰ স’তে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা কৰ্তৃপক্ষ - Flood In Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.