ETV Bharat / state

উদ্দেশ্য: প্ৰাক্তন পত্নীৰ সম্পত্তি ! ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা - Attempt to murder case

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:46 PM IST

HUSBAND TRIES TO KILL WIFE : গোৱালপাৰাত লোমহৰ্ষক ঘটনা । প্ৰাক্তন স্বামীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই পত্নীক । ৰক্তাক্ত অৱস্থাত পত্নীক ধাননি পথাৰত পেলাই থৈ পলায়ন ৷

Attempt to murder case in Goalpara
প্ৰাক্তন পত্নীৰ সম্পত্তি লাগে ! ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মহিলা (ETV BHARAT ASSAM)

সম্পত্তিৰ বাবে মহিলাক ঘপিয়ালে প্ৰাক্তন স্বামীয়ে (ETV BHARAT ASSAM)

গোৱালপাৰা, 10 মে’ : গোৱালপাৰা চহৰৰ নবিনগৰ টিলাপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । প্ৰাক্তন স্বামীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে পত্নী মঞ্জিলা খাতুনক (32) । দাৰ আঘাতত পত্নীৰ শৰীৰৰ কেইবাঠাই ক্ষত-বিক্ষত হৈ পৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

সবিশেষ ঘটনা অনুসৰি, জিয়াৰুল হক নামৰ ব্যক্তিজনে দুবছৰৰ পূর্বে মঞ্জিলা খাতুন নামৰ মহিলাগৰাকীৰ লগত সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু বিয়াৰ পিছৰে পৰাই সম্পত্তিৰ কাৰণে জিয়াৰুলে মঞ্জিলা খাতুনক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল বুলি উত্থাপিত হৈছে অভিযোগ ।

তদুপৰি মঞ্জিলা খাতুনৰ পৰিয়াল আৰু স্থানীয় লোকে প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজৰ কাজিয়াৰ মীমাংসা কৰি আহিছিল । স্বামীৰ মানসিক-শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে স্বামীৰ পৰা বিচাৰে বিবাহ বিচ্ছেদ ৷ পৰৱৰ্তী সময়ত আইনী নিয়ম অনুসৰি বিবাহ বিচ্ছেদ হয় দম্পতীটোৰ ।

বিচ্ছেদৰ পিছতো কিন্তু জিয়াৰুলে সম্পত্তি বিচাৰি বাৰে বাৰে মানসিকভাৱে হাৰাশাস্তি কৰি আছিল মহিলাগৰাকীক ৷ বৃহস্পতিবাৰে পুৱাও প্ৰাক্তন স্বামী জিয়াৰুলে মঞ্জিলা খাতুনৰ ঘৰত উপস্থিত হয় । জিয়াৰুলে লগত অধিবক্তা জিয়াউল হক আৰু ডালু দেৱানী নামৰ দুজন লোকক লগত লৈ মঞ্জিলা খাতুনৰ ঘৰত উপস্থিত হৈ পত্নীৰ নামত থকা এডোখৰ মাটি নিজৰ নামত লিখি দিবলৈ দাবী-ধমকি দিয়ে ।

কিন্তু মঞ্জিলা খাতুন এই কথাত অমান্তি হোৱাত প্ৰথমে জিয়াৰুলে তৰ্কা-তৰ্কিত লিপ্ত হয় । পিচত লগতে লৈ অহা মাছ কটা দাৰে পূৰ্বৰ পত্নী মঞ্জিলাক উপৰ্যুপৰি আঘাত কৰে । দাৰ ঘাপত মহিলাগৰাকীৰ হাত আৰু দুই ভৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

তাৰপিছতে জিয়াৰুলে মঞ্জিলাক ৰক্তাক্ত অৱস্থাত ধাননি পথাৰত পেলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইফালে মঞ্জিলাৰ ভাতৃয়ে ভগ্নীক ৰক্ষা কৰিবলৈ যাওঁতে দেৱানী ডালু আৰু অধিবক্তা জিয়াউল হকে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় গোৱালপাৰা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত দাস ৷ তেওঁৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মঞ্জিলা খাতুনক উদ্ধাৰ কৰি 108 সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰে এই কাণ্ডত ব্যৱহাৰ কৰা দা খন ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অসমৰ ভূমিত অৰুণাচলীৰ গছপুলি ৰোপনক লৈ উত্তপ্ত ধেমাজি - Assam Arunachal border disputes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.