ETV Bharat / state

অসমৰ ভূমিত অৰুণাচলীৰ গছপুলি ৰোপনক লৈ উত্তপ্ত ধেমাজি - Assam Arunachal border disputes

Assam Arunachal border disputes: অৰুণাচল প্ৰদেশৰ বন বিভাগে অসমৰ ভূমিত অবৈধভাৱে বৃক্ষ ৰোপন কৰা ঘটনাৰ পিচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জোনাইত ৷

Assam Arunachal border disputes
Etv Bharatঅবৈধভাৱে অসমৰ ভূমিত গছ পুলিৰ ৰোপন (Etv Bharat ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024 at 10:48 PM IST

2 Min Read
Choose ETV Bharat
অবৈধভাৱে অসমৰ ভূমিত গছ পুলিৰ ৰোপন (Etv Bharat ASSAM)

জোনাই, ৯ মে’ : অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ মাজতেই সময়ে সময়ে অৰুণাচলী লোকে অসমৰ ভূমিত আগ্ৰাসনৰ ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰো অনুৰূপ ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ জোনাইত ৷ অসমৰ ভূমিত অৰুণাচলৰ বন বিভাগে গছপুলি ৰোপনক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাইৰ স্থানীয় মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৷

ঘটনা অনুসৰি, জোনাইৰ অৰুণাচল সীমান্তৰ কেমি ঐৰামঘাটৰ সীমা বিবাদমান অঞ্চলত যোৱা বৰ্ষত দুয়ো ৰাজ্যৰ প্ৰশাসন, দল- সংগঠন আৰু ৰাইজে মিলিত হৈ সীমা নিৰ্ধাৰণৰে সমাধান কৰিছিল দুয়ো ৰাজ্যৰ সীমা সমস্যাক ৷ কিন্তু ইয়াৰ পিচতো অসম-অৰুণাচল সীমান্তৰ পৰা প্ৰায় ৫০০ মিটাৰ ভিতৰত সোমাই অসমৰ প্ৰায় ১০০ হেক্টৰ ভূমিত অৰুণাচল প্ৰদেশৰ বন বিভাগৰ নেতৃত্বত গছ পুলি ৰোপন কৰা পৰিলক্ষিত কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে স্থানীয় মিচিং জাতীয় সংগঠন টি এম পি কেই ৷

বুধবাৰে টি.এম.পি.কেৰ এটা সঁজাতি দলে উক্ত অঞ্চল পৰিদৰ্শন কৰি অৰুণাচল প্ৰদেশৰ বন বিভাগৰ এনে কাৰ্যত ক্ষোভিত হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অৰুণাচলৰ বন বিভাগে নামচাই ঘোষণা পত্ৰক গুৰুত্ব নিদি এনেদৰে অসমৰ ভূমিৰ এক বৃহৎ এলেকাত এনেদৰে গছ পুলি ৰোপন কৰা কাৰ্যক গৰিহণা দিছে মিচিং জাতীয় সংগঠন TMPK য়ে ৷

অৰুণাচলৰ বন বিভাগৰ এনে কাৰ্যই জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰাইজৰ মাজত থকা শান্তি আৰু ভাতৃত্ববোধক বিপদে পৰিচালিত কৰি পুনৰ সীমা সমস্যা কেন্দ্ৰীক পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷ ইফালে অসম-অৰুণাচল চৰকাৰ কিম্বা প্ৰশাসনক শীঘ্ৰে উক্ত ভূমি বিবাদ সমস্যাক সমাধান কৰিবলৈ আহ্বান জনায় স্থানীয় জাতীয় সংগঠন টি এম পি কে য়ে ৷

লগতে পঢ়ক:পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন