ETV Bharat / state

কাছাৰত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 8:52 AM IST

Explosive material recovered
কাছাৰত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

Explosive material recovered : কাছাৰৰ ধলাইৰ ৰাজঘাটত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । সেনা আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ 13 কেজি বাৰুদ(Gunpowder)সহ 2900 ডাল ডেটোনেটৰ জব্দ ৷

শিলচৰ, 4 মাৰ্চ : দেওবাৰে অসম মিজোৰাম সীমান্তৰ কাছাৰৰ ধলাইৰ ৰাজঘাটত সামগ্ৰী উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী । সেনা আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ 13 কেজি বাৰুদ (Gunpowder) সহ 2900 ডাল ডেটোনেটৰ জব্দ কৰা হৈছে ৷

দেওবাৰে এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ ধলাই আৰক্ষী আৰু মিলিটাৰি এন্টিলিজেন্সে সীমান্তৰ কাছাৰৰ ধলাই ৰাজঘাট অঞ্চলত এক যৌথ অভিযান চলায় । ৰাজঘাট অঞ্চলৰ চেলিম উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ফাৰ্ম হাউচৰ কাষতে মাটিত পুতি থোৱা অৱস্থাত প্ৰায় 13 কেজি বাৰুদ সহ 2900 ডাল ডেটোনেটৰ উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে । অৱশ্যে অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চেলিম উদ্দিন নামৰ ব্যক্তিজন ।

ইয়াৰ পিচতে চেলিম সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ইপিনে চেলিম উদ্দিন নামৰ লোকজন দীৰ্ঘদিনৰ পৰা মাদক দ্ৰব্য সৰবৰাহৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰ লগত জড়িত হৈ আছে বুলি জানিব পৰা গৈছে । অপৰাধ জগতৰ এক পৰিচিত নাম চেলিম ৷

যোৱা কেইমাহ পূৰ্বে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেইললৈ গৈছিল চেলিম । তাৰ পিচতে জেইলৰ পৰা উলাই আহিয়েই পুনৰ অবৈধ বেহাত জড়িত হৈ পৰে চেলিম । এই অভিযানত তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, এতিয়া নিচাযুক্ত সামগ্ৰীৰ লগতে চোৰাং সৰবৰাহৰ বাবে এক কৰিডৰ হিচাপে পৰিণত হৈছে অসম মিজোৰাম সীমান্ত ৷ কাছাৰ আৰক্ষীয়ে সীমান্তত প্ৰতিদিনে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পিচতো হ্ৰাস পোৱা নাই সৰবৰাহকাৰীৰ টিঘিলঘিলনি ৷

লগতে পঢ়ক: কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.