ETV Bharat / state

লখিমপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ১৭,৭১১ গৰাকী পৰীক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 2:57 PM IST

Assam HSLC 2024
হাইস্কুল শিক্ষান্ত পৰীক্ষা

SEBA HSLC 2024: আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ৯১৩ টা পৰীক্ষা কেন্দ্ৰত ৪ লাখ ২৫ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব । প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত ব্যৱস্থা কৰা হৈছে অ'এম আৰ শ্বীটৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা

লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী : শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ লখিমপুৰ জিলাত ১৭ হেজাৰ ৭১১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । জিলাখনৰ মুঠ ৬০ টা কেন্দ্রত অনুষ্ঠিত হৈছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষা । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাও নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন, শিক্ষা বিভাগ, আৰক্ষী আদিয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । আৰক্ষী,আৰক্ষীৰ বিশেষ শাখাৰ লোকক পৰীক্ষা কেন্দ্র সমূহত নিয়োগ কৰা হৈছে । ফ্লায়িং স্কোৱাডো গঠন কৰা হৈছে ।

পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা দণ্ডাধীশে পৰীক্ষা কেন্দ্র সমূহৰ এশ বৰ্গ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । জিলা আয়ুক্তৰ কাৰ্যালয়ে ৰাজহ চক্র বিষয়া সকলৰ নেতৃত্বত একোটাকৈ ফ্লায়িং স্কোৱাডো গঠন কৰিছে । ৬০ টা পৰীক্ষা কেন্দ্রত ৬০ গৰাকী ছুপাৰভাইজিং বিষয়া নিয়োগ কৰা হৈছে । কেন্দ্র সমূহত আৰক্ষী নিয়োগ কৰাৰ লগতে আৰক্ষীৰ বিশেষ শাখাই চোকা দৃষ্টি ৰাখিছে । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰৰ বাহিৰে- ভিতৰে চি চি টি ভি কেমেৰা সংস্থাপন কৰা হৈছে । মূলতঃ নকল ৰোধৰ বাবেই এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ইপিনে, শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা বিলোপ কৰাৰ সিদ্ধান্তক একাংশ অভিভাৱকে আদৰণি জনাইছে । তেওঁলোকে কয় যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাইহে ছাত্র- ছাত্রীৰ জীৱনৰ গতি নিৰ্ণয় কৰে, হাইস্কুল শিক্ষান্ত পৰীক্ষাই নহয় । সেয়ে মেট্ৰিক পৰীক্ষা বিলোপ কৰাৰ সিদ্ধান্ত আদৰণীয় বুলি এইসকল অভিভাৱকে কয় । আজিৰ পৰা আৰম্ভ হোৱা অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰথম দিনা পুৱাবেলা নিজৰ সন্তানক পৰীক্ষা কেন্দ্ৰত থবলৈ আহি এনেদৰে নিজৰ অনুভব প্ৰকাশ কৰে একাংশ অভিভাৱকে ।

লগতে পঢ়ক:যোৰহাটত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ১১,৫৪১ গৰাকী পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.