ETV Bharat / state

যোৰহাটত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ১১,৫৪১ গৰাকী পৰীক্ষাৰ্থী

SEBA HSLC 2024 :কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৰহাটৰ ২৮টা পৰীক্ষা কেন্দ্ৰ আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা । প্ৰথমবাৰৰ বাবে অ' এম আৰ শ্বীট ব্যৱহাৰ কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

OMR Sheet in HSLC examination
যোৰহাটত হাইস্কুল শিক্ষান্ত পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 1:40 PM IST

2 Min Read
Choose ETV Bharat
যোৰহাটত হাইস্কুল শিক্ষান্ত পৰীক্ষা

যোৰহাট, ১৬ ফেব্ৰুৱাৰী : আজিৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । জিলাখনৰ ২৮ টা পৰীক্ষা কেন্দ্ৰত ১১,৫৪১ গৰাকী পৰীক্ষাৰ্থীয়ে আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ইয়াৰে ৫,৫৯৫ জন ছাত্ৰ আৰু ৫,৯৪৬ গৰাকী ছাত্ৰী । পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰৰ বাহিৰে-ভিতৰে চি চি টি ভি কেমেৰা সংস্থাপন কৰা হৈছে । মূলতঃ নকল ৰোধৰ বাবেই এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উক্ত পৰীক্ষাত বিষয়া নিয়োগ কৰাৰ লগতে পৰীক্ষাকেন্দ্ৰ লৈ বহী অনা আৰু খোলাৰ সময়ত বহু নতুন নিয়ম সন্নিবিষ্ট কৰা হৈছে ।

লগতে প্ৰথমবাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অ'এম আৰ শ্বীটব্যৱহাৰ কৰা হৈছে । অ'এম আৰ শ্বীটৰ বাবে পৰীক্ষাৰ্থীক নিদিষ্ট সময় দিয়া হৈছে । পৰীক্ষাৰ্থী সকলক সজাগ আৰু পৰীক্ষা কেন্দ্ৰলৈ কি কি নিব পাৰিব আৰু অসৎ উপায় অৱলম্বন কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সকলো কথা আৰু বিষয় বস্তু সামৰি পৰীক্ষা কেন্দ্ৰৰ সন্মুখত হ'ৰ্ডিং আঁৰি দিয়া হৈছে । পৰীক্ষা কেন্দ্ৰ সমূহত পৰ্যাপ্ত হাৰত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে পৰীক্ষাৰ্থীৰ যাতে সুবিধা হয় তাৰবাবে অ'এম আৰ শ্বীটৰ নমুনা ছেবাই পূৰ্বেই প্ৰকাশ কৰিছিল । আনকি বহু বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ছমহীয়া পৰীক্ষাত নিজাববীয়াকৈ অ'এম আৰ শ্বীটৰ ব্যৱহাৰ কৰিছিল ৷ এডমিট কাৰ্ডৰ পিছফালে অ'এম আৰ শ্বীটৰ ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ নীতি নিৰ্দেশনা ছেবাই উল্লেখ কৰিছে । অ'এম আৰ শ্বীটৰ ব্যৱহাৰ কৰাৰ ফলত বহীবোৰ চাবৰ বাবে সময়ৰ কম প্ৰয়োজন হ'ব আৰু পূৰ্বৰ তুলনাত ফলাফল আগতীয়াকৈ প্ৰকাশ পাব বুলি শিক্ষা বিভাগে উল্লেখ কৰিছে ।

লগতে পঢ়ক:ৰাজ্যৰ 913 টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা