ETV Bharat / state

কণ্ঠশিল্পী পদ্মনাভ বৰদলৈক বিহু সমিতিৰ সুৰাপায়ী বিষয়ববীয়াই অপমান কৰাৰ অভিযোগ - Padmanabh Bordoloi

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:16 PM IST

singer Padmanabha Bordoloi
কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ সংগীতানুষ্ঠান

Padmanabh Bordoloi: প্ৰকৃতে কি হৈছিল কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ সংগীতানুষ্ঠানত । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্পষ্টীকৰণ কণ্ঠশিল্পী গৰাকীৰ ।

কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ সংগীতানুষ্ঠান

গুৱাহাটী, ১৬ এপ্ৰিল: সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিহুক লৈ আনন্দৰ উচাহ চলি থকাৰ মাজতে বিহুমঞ্চত অপমানিত হ'ল এগৰাকী কণ্ঠশিল্পী । হাজোৰ এখন বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজত সমিতিৰ বিষয়ববীয়াই কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ লগতে তেওঁৰ সহ কণ্ঠশিল্পী, বাদ্যযন্ত্ৰীক অপমান কৰাৰ অভিযোগ উঠিছে । বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতি নি অসভ্যলিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে হাজো অভয়পুৰ, গেৰুৱা অঞ্চলৰ বিহু সমিতিৰ একাংশ সুৰাপায়ী বিষয়ববীয়াই । এই ভিডঅ'টো এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত।

  • " class="align-text-top noRightClick twitterSection" data="">

সুৰাপান কৰি মঞ্চতে শিল্পীক অপমান বিহু সমিতিৰ । পহিলা ব'হাগৰ দিনা সংঘটিত হৈছে এই ঘটনা । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আজি ফেচবুক লাইভ যোগে স্পষ্টীকৰণ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে । এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয়," পহিলা ব'হাগৰ দিনা হাজোৰ অভয়পুৰ, গেৰুৱা অঞ্চলত খুৱ সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন হয় । এই অনুষ্ঠান পৰিৱেশন হৈ থকাৰ মাজতে তাৰেই কেইগৰাকীমান মানুহে সুৰাপান কৰি আহি বাৰে বাৰে মোৰ লগতে বাদ্যযন্ত্ৰী সকলৰ কাণত এইটো গীত লাগে সেইটো গীত লাগে বুলি কয় । আমিও যিমান পাৰোঁ চেষ্টা কৰি গৈছিলোঁ তেওঁলোকৰ অনুৰোধ অনুসৰি গীত সমূহ গায় যাবলৈ।''

তেওঁ পুনৰ কয়,"তাৰে মাজৰে কেইগৰাকীমান লোকে মাইক্ৰ'ফোন যোগে ঘোষণা কৰি এটা যেন দাবী-ধমকিৰ শৈলীত আমাক গীত সমূহ গাবলৈ নিৰ্দেশ দি আছিল । তেতিয়া মই তেওঁলোকক ক'লো যে সমিতিৰ যদি দুই-এজন বিষয়ববীয়াই আমাক বেয়া পাইছে তেওঁলোকে আমাক ব্যক্তিগত ভাৱে ক'লেই হ'ল । মাইকত যাতে অভদ্ৰামী নকৰে । সেই কথাষাৰ কোৱাৰ পাচত আমাক খুব বেয়াকৈ ব্যৱহাৰ কৰিলে। মোক মঞ্চৰ পৰা হাতত ধৰি নমাই আনিছে । আমাৰ গাড়ী ৰখাইছে । এনেদৰে আমাক যথেষ্টখিনি অপমান কৰিছে। ইয়াৰোপৰি মোক তেওঁলোকক ক্ষমা খুজিবলৈও বাধ্য কৰাইছে ।"

লগতে পঢ়ক:বাঁহ বজাই হাইদাং হুঁচৰি গোৱাত ব্যস্ত জোনাইৰ সোণোৱাল কছাৰী বিহুৱা - HAIDANG HUSORI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.