ETV Bharat / state

ব্যক্তিগতকৰণৰ বিৰোধিতাৰে গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীৰ ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 12:36 PM IST

Rural Bank Employee Association : শুকুৰবাৰে দেশজুৰি গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীসকলে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । লখিমপুৰতো এই ধৰ্মঘটৰ প্ৰভাৱ পৰে । গ্রামীণ বেংকৰ কৰ্মচাৰীৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰৰ দীর্ঘদিনীয়া অবহেলাৰ প্ৰতিবাদত জনাইছে কৰ্মচাৰীসকলে ।

Protest against bank privatisation
গ্রামীণ বিকাশ বেংক কর্মচাৰী সস্থা

গ্রামীণ বিকাশ বেংক কর্মচাৰী সস্থা

লখিমপুৰ, ২৩ ফেব্ৰুৱাৰী : ব্যক্তিগতকৰণৰ বিৰোধিতা তথ্য গ্রামীণ বেংকসমূহক অধিক শক্তিশালী কৰাৰ দাবীত আজি (শুকুৰবাৰ) আঞ্চলিক গ্রামীণ বেংক কর্মচাৰীয়ে দেশজোৰা ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ ভাৰত আঞ্চলিক গ্রামীণ বেংক কর্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ দেশৰ ৪৩ টা আঞ্চলিক গ্রামীণ বেংকৰ বিষয়া-কর্মচাৰীয়ে আঞ্চলিক গ্রামীণ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিৰোধিতা তথ্য গ্রামীণ বেংক সমূহক অধিক শক্তিশালী কৰাৰ দাবী জনাই এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে গ্রামীণ বেংকৰ কৰ্মচাৰীৰ ন্যায্য দাবীসমূহৰ প্ৰতি চৰকাৰৰ দীর্ঘদিনীয়া অৱহেলাৰ প্ৰতিবাদত শুকুৰবাৰে বেংক কর্মচাৰীয়ে ধর্মঘট পালন কৰে । ৰাজ্য়ৰ অন্য ঠাইৰ দৰে লখিমপুৰতো অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ত কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, দেশৰ গ্রামীণ অর্থনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা গ্রামীণ বেংকসমূহক অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় গ্রামীণ বেংক গঠন কৰাৰ দাবী জনাই আহিছে সদৌ ভাৰত আঞ্চলিক গ্রামীণ বেংক কর্মচাৰী সন্থাই । সদৌ ভাৰত আঞ্চলিক গ্রামীণ বেংক কর্মচাৰী সন্থাৰ অন্তৰ্ভুক্ত সন্থা হিচাপে অসমতো অসম গ্রামীণ বিকাশ বেংক কর্মচাৰী সস্থা আৰু অসম গ্রামীণ বিকাশ বেংক বিষয়া সন্থাই এনে দাবীসমূহৰ সমর্থনত ধর্মঘটত অংশ গ্রহণ কৰে ।

উক্ত ধর্মঘটৰ প্রতি অসম গ্রামীণ বিকাশ বেংকৰ অবসৰী কৰ্মচাৰী সন্থাও সমর্থন আগবঢ়ায় । এই সন্থাই উদ্যোক্তা বেংক সংলগ্নহীন কৰি ৰাজ্যিক ভিত্তিত গ্রামীণ বেংক গঠনৰ জৰিয়তে ভাৰতীয় বাষ্ট্রীয় গ্রামীণ বেংক গঠন কৰা, মানৱ সম্পদৰ সঠিক পৰিকল্পনা, পদোন্নতিৰ নিয়মাবলীৰ সংশোধন আৰু গ্রামীণ বেংকসমূহত খালী হৈ থকা ত্রিশ হাজাৰ খালী পদ পূৰণ কৰা, দৈনিক মজুৰী/ অংশকালীন আৰু কেজুৱেল কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ, সেৱা বিধি আৰু ছুটীৰ নিয়মাৱলীৰ তৎকালীন সংশোধন কৰাৰ দাবী জনায় ।

তদুপৰি সন্থাই দৰমহা আৰু অন্যান্য সুবিধাৰ গাঁথনিৰ সমতাৰ লগতে গ্রামীণ বেংকক ভাৰতীয় বেংকৰ সন্থাৰ দৰমহা সম্পৰ্কীয় বুজাবুজিৰ আলোচনাৰ অন্তৰ্ভূক্তিকৰণ কৰা, সঠিক ৰূপায়ণ আৰু পেঞ্চনৰ পূৰ্ণ সমতাৰ লগতে বাদ পৰি যোৱা সকলো কৰ্মচাৰীক গ্রামীণ বেংক পেঞ্চন নিয়মাৱলীৰ অন্তৰ্ভূক্তিকৰণ, কম্পিউটাৰ ইনক্রিমেন্ট আৰু অনুকম্পামূলক নিযুক্তিৰ সঠিক আৰু পূৰ্বৰ তাৰিখৰ পৰা ৰূপায়ণ কৰা, সেৱা বিধি অনুযায়ী বেচিক আৰু মৰগীয়া বানচ যোগ কৰি গ্রেছুইটী প্রদান কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

উক্ত কাৰ্যসূচীত অফিচাৰ্ছ এছোচিয়েচনৰ সম্পাদক নূৰউদ্দিন আহমেদ, এমপ্লয়িজ এছেচোয়েচনৰ সম্পাদক নূৰুল হক আদিৰ লগতে কৰ্মচাৰী সকলে অংশগ্রহণ কৰে ৷

লগতে পঢ়ক:ধুবুৰীত কাৰ্যালয়ত তলা ওলোমাই অসহযোগ আন্দোলন অংগনৱাড়ী কৰ্মী-সহায়িকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.