ETV Bharat / state

নিৰ্বাচনৰ বাবে উদং দিছপুৰ : বহু বিষয়া ৰাজ্যৰ বাহিৰত - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:03 PM IST

Lok Sabha Election Impact
নিৰ্বাচনৰ বাবে উদং দিছপুৰ (ETV Bharat Assam)

Lok Sabha Election Impact : মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকল দীৰ্ঘদিন ধৰি ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । নিৰ্বাচনী কামত বহু সংখ্যক বিষয়া ৰাজ্যৰ বাহিৰত । ৰাজ্যৰ প্ৰধান সচিবৰ পৰা সচিব পৰ্যায়লৈ ২৫ গৰাকী আই এ এছ, এ চি এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত । দিছপুৰত অচলাৱস্থা ।

গুৱাহাটী, ৮ মে’ : সামৰণি পৰিল নিৰ্বাচনৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ মঙলবাৰে সামৰণি পৰে । দীৰ্ঘদিন ধৰি নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে স্তব্ধ হৈ আছে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটো । নিৰ্বাচনৰ বাবে ৰাজ্যৰ চালিকাশক্তিস্বৰূপ জনতা ভৱনত মন্ত্ৰীৰ উপৰি নাই একাংশ বিষয়া । একপ্ৰকাৰে ৰাজধানী দিছপুৰ উদং ।

  • " class="align-text-top noRightClick twitterSection" data="">

নিৰ্বাচনৰ দিন ঘোষণাৰ পিচৰে পৰা মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ সদস্যসকল দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছিল । ৰাজধানী দিছপুৰৰ পৰাই ৰাজ্যৰ প্ৰশাসন পৰিচালিত হয় । মন্ত্ৰীসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ দৰে ৰাজ্যৰ প্ৰধান সচিবৰ পৰা সচিব পৰ্যায়লৈ ২৫ গৰাকী আই এ এছ, এ চি এছ বিষয়া আছে ৰাজ্যৰ বাহিৰত ।

ৰাজধানী দিছপুৰত বৃহৎসংখ্যক বিষয়াৰ অনুপস্থিতিৰ কাৰণ ব্যক্তিগত ছুটী নহয় । তেওঁলোকক বিভিন্ন ৰাজ্যৰ নিৰ্বাচন পর্যবেক্ষক হিচাপে নিৰ্বাচন আয়োগে নিয়োজিত কৰিছে । উল্লেখ্য যে নিৰ্বাচনৰ দিন ঘোষণাৰে পৰা আৰ্হি আচৰণ বিধি প্ৰযোজ্য হয় । এই সময়ছোৱাত কোনো নতুন আঁচনি বা নতুন কাম চৰকাৰে ল’ব নোৱাৰে । কিন্তু চলি থকা আঁচনি বা কাম-কাজসমূহ অব্যাহত থাকে ।

১৬ মাৰ্চত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল আৰু ৪ জুনত ফলাফল ঘোষণা কৰা হ’ব । কেবাটাও পৰ্যায়ত অনুষ্ঠিত দীঘলীয়া নিৰ্বাচনৰ বাবে মন্ত্ৰীসকলৰ লগতে বিষয়াসকলো আন ৰাজ্যত বাহৰ পাতি নিৰ্বাচন পর্যবেক্ষকৰ দায়িত্ব পালন কৰিবলগীয়া হোৱাত ৰাজধানী দিছপুৰত প্ৰশাসনিক কাম-কাজ অচল হৈ পৰিছে ।

লক্ষ্যণীয় বিষয় যে এইবাৰ বহু কৰ্মচাৰীয়ে বিহুৰ আগতে দৰমহা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । কাৰণ কাৰ্যালয়সমূহত থকা ডি ডি অ'সকল নিৰ্বাচনৰ বাবে প্ৰশিক্ষণত ব্যস্ত থকাৰ ফলত দৰমহাৰ বিলত স্বাক্ষৰ কৰিব পৰা নাছিল ৷ যাৰ ফলত বহু কৰ্মচাৰীয়ে বিহুৰ পিচতহে দৰমহা লাভ কৰে । মন্ত্ৰীসকলৰ দৰে প্ৰায় ২৫ জনকৈ আই এছ বিষয়া, এ চি এছ বিষয়া ৰাজ্যৰ বাহিৰত থাকিবলগীয়া হোৱাত বিভিন্ন বিভাগৰ ফাইলৰ কাম-কাজ হোৱা নাই ।

জানিব পৰা মতে বহিঃৰাজ্যত নিৰ্বাচন পর্যবেক্ষকৰ দায়িত্বত থকাসকলৰ মাজত আছে পশুপালন বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, কৃষি বিভাগৰ প্ৰধান সচিব অৰুণা ৰাজৰীয়া, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব পি অশোক বাবু, কৰ আয়ুক্ত পল্লৱ গোপাল ঝা, ৰাজহ সচিব কৰুণা কুমাৰী আদি বিষয়া ।

ৰাজধানী দিছপুৰৰ পৰা বাহিৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে প্ৰায় ২৫ জনকৈ বিষয়া ঘূৰি আহি দায়িত্ব গ্ৰহণ কৰাৰ পাছতহে প্ৰশাসনিক কাম-কাজ স্বাভাৱিক হৈ পৰিব । দিছপুৰৰ এনে পৰিৱেশৰ বাবে স্বাভাৱিকতে বিভিন্ন কাম-কাজৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: নিৰ্বাচন খেলিবলৈ কিয় বিহাৰক বাচি ল'লে নৱ কুমাৰ শৰণীয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.