ETV Bharat / state

কাম পেলাই ৰাখিলে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ভৰিব লাগিব জৰিমনা: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:58 PM IST

CM Press Meet: অসম ৰাজ্যিক নাগৰিক সেৱা অধিকাৰ আয়োগৰ প্ৰসংগত মুখ্যমন্ত্রী । কাম নকৰি পেলাই ৰাখিলে আয়োগত কৰিব পাৰিব আবেদন । প'ৰ্টেলত আবেদন কৰিলেই ব্যৱস্থা গ্ৰহণ কৰিব আয়োগে । কাম নকৰিলে কৰ্মচাৰীজনে দৈনিক দিব লাগিব ফাইন । যিমান দিন দেৰি হ'ব সিমান দিনলৈ দৈনিক ২০ টকাকৈ দিব লাগিব জৰিমনা ।

Government officials will have to pay a fine if work is left out
অসম ৰাজ্যিক নাগৰিক সেৱা অধিকাৰ আয়োগৰ প্ৰসংগত মুখ্যমন্ত্রী

অসম ৰাজ্যিক নাগৰিক সেৱা অধিকাৰ আয়োগৰ প্ৰসংগত মুখ্যমন্ত্রী

গুৱাহাটী,১৪ মাৰ্চ: চৰকাৰী বিষয়া-কৰ্মচাৰীসকল সাৱধান ! কাম নকৰি পেলাই থলে ভৰিব লাগিব জৰিমনা । যিমান দিনলৈ কাম পেলাই ৰাখিব সিমান দিনলৈ দৈনিক ২০ টকাকৈ জৰিমনা ভৰিব লাগিব । চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কাম নকৰাকৈ পেলাই ৰাখিলে কৰিব পৰা যাব আবেদন আৰু ইয়াৰ বাবে প'ৰ্টেলৰ ব্যৱস্থা কৰা হৈছে । এই কথা সদৰী কৰে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্রীগৰাকীয়ে । অসম ৰাজ্যিক নাগৰিক সেৱা অধিকাৰ আয়োগ চমুকৈ আৰ টি পি এছ কমিছনৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰিলে আৰ টি পি এছ কমিছনত আবেদন কৰিব পাৰিব । কাম নকৰিলে কৰ্মচাৰীজনে দৈনিক ফাইন দিব লাগিব ।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া সুজয় লাল থাউচেনে ১২ মাৰ্চত অসম ৰাজ্যিক নাগৰিক সেৱা অধিকাৰ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে । মুখ্য আয়ুক্ত নিযুক্তিৰ প্ৰসংগৰে মুখ্যমন্ত্রীয়ে কয় যে এতিয়াৰে পৰা আৰ টি আই কৰাৰ দৰে কাৰোবাৰ কোন কাম নহ'লে আয়োগত আবেদন কৰিব পাৰিব । সেই আবেদনৰ ভিত্তিত আয়োগে চাব যে কামটো কোন বিষয়া নাইবা কৰ্মচাৰীয়ে পেলাই থৈছে ।

কামটো পেলাই ৰখা বিষয়া-কৰ্মচাৰীজনে কামটো কৰাৰ লগতে পেলাই ৰখাৰ বাবদ প্ৰতিদিনে ২০ টকাকৈ সংশ্লিষ্ট লোকজনক ফাইন দিব লাগিব । যিমান দিন দেৰি হ'ব সিমান দিনলৈ জৰিমনা দি থাকিব লাগিব । বিষয়াসকলক জবাহদিহি কৰাৰ ব্যৱস্থাৰ মাজলৈ অনাৰ ক্ষেত্রত অসম প্ৰথম ৰাজ্য বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

এতিয়াৰে পৰা সাধাৰণ লোকে মন্ত্রী-বিধায়ক, সংবাদ মাধ্যম কাৰো ওচৰলৈ যাব নালাগে । আয়োগৰ প'ৰ্টেলত কাম নোহোৱাৰ বিৱৰণী জনাই আবেদন কৰিলেই হ'ল বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । ইয়াৰ বাবে বিভাগীয় বিষয়াৰ ওচৰত প্ৰথম আপিল আৰু দ্বিতীয় আপিল আয়োগ । কাম নোহোৱালৈকে বিষয়া নাইবা কৰ্মচাৰীজনে দৰমহাৰ পৰা প্ৰতিদিনে ২০ টকাকৈ দি থাকিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয় ।

লগতে পঢ়ক: কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.