ETV Bharat / state

কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 2:56 PM IST

Updated : Mar 14, 2024, 8:48 PM IST

Assam CM announcements: দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল । চৰকাৰী কৰ্মচাৰীৰ ডি এ বৃদ্ধিৰ পৰা সৌৰশক্তিৰ পেনেলৰ ক্ষেত্রত ৰাজসাহায্য প্ৰদান কৰাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা । এল পি স্কুল, এম ই স্কুল আৰু হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সীমাবদ্ধ থাকিব সংশ্লিষ্ট গাঁও নাইবা পঞ্চায়তত । কামৰূপ মহানগৰ জিলাত ৪ খন উপ-জিলা গঠন । বিষয়াই কাম নকৰি পেলাই থলে ভৰিব লাগিব জৰিমনা ।

Assam CM announcements
কি কি নতুন ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্রীয়ে

কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে ?

গুৱাহাটী, ১৪ মাৰ্চ : ভাৰত চৰকাৰৰ দৰে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধি কৰিলে । বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই । ব'হাগ বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলত অসম চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশকৈ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰি মুখ্যমন্ত্রীয়ে কয় যে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা এই ঘোষণা কাৰ্যকৰী হ'ব । এতিয়াৰে পৰা ৫০ শতাংশকৈ ডি এ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে । এপ্ৰিল মাহৰ দৰমহাত কৰ্মচাৰীসকলে বৰ্ধিত ডি এ লাভ কৰিব আৰু তিনি মাহৰ বকেয়া ডি এ কৰ্মচাৰীসকলে মে', জুন আৰু জুলাই মাহৰ দৰমহাত তিনিটা কিস্তিত লাভ কৰিব ।

আনহাতে শিক্ষানুষ্ঠ‍ানত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে । এতিয়াৰে পৰা এল পি স্কুল, এম ই স্কুল আৰু হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সংশ্লিষ্ট গাঁও নাইবা পঞ্চায়ততে সীমাবদ্ধ থাকিব । ইয়াৰ বাবে নীতি প্ৰণয়নৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে নিযুক্তি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত হ'ব যদিও বাহিৰৰ পৰা নহ'ব । এল পি স্কুলৰ ক্ষেত্রত বিদ্যালয়খন থকা ৰাজহ গাঁৱৰ পৰা যোগ্যতাৰ ভিত্তিত চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব । সেইদৰে এম ই আৰু হাইস্কুলৰ ক্ষেত্রত সংশ্লিষ্ট গাঁও পঞ্চায়তৰ পৰা নিযুক্তি দিয়া হ'ব ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে বিদ্যুতৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ঘৰতে সৌৰশক্তি উৎপাদন কৰি বিদ্যুৎ মাচুল শূন্য কৰাৰ বাবে চৰকাৰে সৌৰশক্তি পেনেল লগোৱাৰ বাবে প্ৰদান কৰিব ৰাজসাহায্য । অসমত বৰ্তমান সময়ত ৩ হাজাৰ গৃহত সৌৰশক্তি তথা সৌৰ পেনেল আছে ।

মুখ্যমন্ত্রীয়ে কয় যে প্ৰধানমন্ত্রী সৌৰঘৰ আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ হাজাৰ কোটি টকাৰ আৱণ্টন দিছে আৰু ইয়াৰ যোগেদি দেশৰ ১ কোটি জনতাৰ ঘৰত সৌৰশক্তি পেনেল লগোৱাৰ লক্ষ্য লোৱা হৈছে । এক কিলোৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেলৰ বাবদ খৰচ হয় ৫০ হাজাৰ টকা । সেইদৰে দুই কিলোৱাটত ১ লাখ আৰু তিনি কিলোৱাটত ১.৫ লাখ টকা খৰচ হয় । এই আঁচনিৰ অধীনত কেন্দ্ৰই ১ কিলোৱাটৰ ক্ষেত্রত ৩০ হাজাৰ টকা, দুই কিলোৱাটৰ ক্ষেত্রত ৬০ হাজাৰ টকা আৰু তিনি কিলোৱাটৰ ক্ষেত্রত ৭৮ হাজাৰ টকা দিব ।

অসম চৰকাৰে এই আঁচনিখনত কিছু সংযোজন ঘটাই আৰু কিছু ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিছে । সেই অনুসৰি অসম চৰকাৰে এক কিলোৱাটত ১৫ হাজাৰ টকা, দুই কিলোৱাটত ৩০ হাজাৰ টকা আৰু তিনি কিলোৱাটত ৪৫ হাজাৰ টকা ৰাজসাহায্য দিব । অৰ্থাৎ এক কিলোৱাটৰ ক্ষেত্রত ৫ হাজাৰ টকা, দুই কিলোৱাটত ১০ হাজাৰ টকা আৰু তিনি কিলোৱাটত ২৫ হাজাৰ টকা নিজে খৰচ কৰিব লাগিব । এই খৰচো বিদ্যুৎ বিল শূন্য হোৱাৰ লগে লগে উঠি যাব । আনহাতে ৰ‍াজ্যিক কৰ্মচাৰীসকলে 'আপোন ঘৰ'ৰ দৰে সৌৰশক্তি পেনেলৰ বাবে বেংকৰ পৰা ঋণ ল'ব পাৰিব । তদুপৰি সুদৰ এক শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব ।

সেইদৰে সাংবাদিকসকলৰ বাবেও সৌৰশক্তি পেনেলৰ বাবদ হোৱা নিজা খৰচৰ অংশ ডি আই পি আৰৰ যোগেদি অসম চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে । সৌৰশক্তি পেনেলৰ বাবে দালালৰ আশ্ৰয় নলবৰ বাবে ৰাইজৰ প্ৰতি মুখ্যমন্ত্রীয়ে আহ্বান জনায় । আঁচনিখনৰ সুবিধা ডাকঘৰৰ যোগেদি ৰাইজে প্ৰত্যক্ষভাৱে ল'ব পাৰিব । আনহাতে প'ৰ্টেলৰ যোগেদিও আবেদন কৰিব পাৰিব ।

সংবাদমেলত মুখ্যমন্ত্রীয়ে উত্তৰ-পূব ঔদ্যোগিক নীতিৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে । লগতে কেন্দ্ৰীয় বিত্ত মন্ত্রী আৰু উদ্যোগ মন্ত্রীকো ধন্যবাদ জ্ঞাপন কৰে । এই নীতি অনুসৰি মূলধনী ব্যয়ত ৩০ শত‍াংশ ৰ‍জসাহায্য দিয়া হ'ব । ঋণৰ ক্ষেত্রতো সুদ ৰেহাই পাব আৰু জিএছটিৰ ক্ষেত্রতো সুবিধা আছে । মুখ্যমন্ত্রীয়ে লগতে বিগত সময়ত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ পোৱাৰ লগতে প্ৰস্তাৱ আছে ।

ৰাজ্য চৰকাৰৰ ক্ৰেডিট গ্যেৰ‍াণ্টি ফাণ্ডৰ বাবে এম এছ এম ইৰ ক্ষেত্রত ৰাষ্ট্ৰীয়কৃত বেংকে ২০ হাজাৰ কোটি টকাৰ ঋণ দিয়া বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে চলিত বৰ্ষত আসাম ইলেক্ট্ৰনিকচ ইণ্ডাষ্ট্ৰিয়েল ইনচেনটিভ পলিচী আৰু আসাম গ্ৰীণ পাৱাৰ ইনচেনটিভ পলিচী নামৰ দুখন পলিচী অনা হ'ব । সংবাদমেলত মুখ্যমন্ত্রীয়ে কামৰূপ মহানগৰ জিলাত চাৰিখন উপ-জিলা কৰাৰ কথা সদৰী কৰে । সেই অনুসৰি দিছপুৰ সদৰ হোৱাৰ বিপৰীতে জালুকবাৰী, ডিমৰীয়া, মধ্য গুৱাহাটী, নিউ গুৱাহাটী হ'ব কামৰূপ মহানগৰ জিলাৰ উপ-জিলা ।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ দায়িত্বত থাকিব জিলাসমূহ । আনহাতে মুখ্যমন্ত্রীয়ে কয় যে অসম সচিবালয় গ্ৰীণ সচিবালয় হোৱাৰ দিশে গৈ আছে । সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে গ‍াঁৱত পথ নিৰ্মাণ কৰাৰ ক্ষেত্রত এটা প'ৰ্টেল কৰা হ'ব । এহেজাৰ মানুহ থকা গাঁৱত পথ নিৰ্মাণৰ বাবে কোনো বিধায়ক নাইবা মন্ত্রীৰ ওচৰলৈ যাব নালাগে । প'ৰ্টেলত আবেদন কৰিলেই ৰ‍াস্তা হৈ যাব ।

আৰ টি পি এছ কমিচনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী বিষয়াই কাম নকৰিলে ৰ‍াইজে এই আয়োগত আবেদন কৰিব পাৰিব । এই আয়োগৰ অধ্যক্ষ হিচাপে সুজনলাল থাউচেনক নিযুক্তি দিয়া হৈছে । বিষয়াই কাম নকৰি পেলাই থলে প্ৰতিদিনে ২০ টকাকৈ জৰিমনা দিব লাগিব । ইয়াৰ বাবে প'ৰ্টেল কৰা হৈছে আৰু প'ৰ্টেলত আবেদন কৰিলেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব । সংবাদমেলত মন্ত্রী নন্দিতা গাৰ্লোচা আৰু মন্ত্রী বিমল বড়াও উপস্থিত থাকে ।

লগতে পঢ়ক :'কা'ৰ জৰিয়তে অসমত কিমান বাংলাদেশীয়ে নাগৰিকত্ব পাব ?

Last Updated : Mar 14, 2024, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.