ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গণশিল্পী মঘাই ওজা বঁটা

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:50 PM IST

Ganashilpi Maghai Oza Award
ড৹ হিমন্ত বিশ্ব শৰ্মালৈ গণশিল্পী মঘাই ওজা বঁটা

Ganashilpi Maghai Oza Award : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আগৱঢ়োৱা হৈছে গণশিল্পী মঘাই ওজা সোঁৱৰণী বঁটা । গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰৰ সাধাৰণ সভাই সৰ্বসন্মতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

যোৰহাট, 26 ফ্ৰেব্ৰুৱাৰী : গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে "গণশিল্পী মঘাই ওজা সোৱৰণী বঁটা " ঘোষণা কৰে ৷ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আগৱঢ়োৱা হৈছে গণশিল্পী মঘাই ওজা সোঁৱৰণী বঁটা । এক প্ৰেছ বিবৃতি এই কথা ঘোষণা কৰিছে যোৰহাটৰ হাতীগড়ত অৱস্থিত কলাক্ষেত্ৰ সমিতিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

25 ফ্ৰেব্ৰুৱাৰীৰ অনুষ্ঠানত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰৰ সাধাৰণ সভাই সৰ্বসন্মতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে । বিবৃতিটোত কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই কয় যে, পঞ্চাশ দশকতে অসমৰ লোকবাদ্য ঢোলক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল গণশিল্পীখ্যাত মঘাই ওজাই।

সুধাকণ্ঠ ড৹ ভুপেন হাজৰিকাৰ লগত একেলগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰি ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল ওজাই । বিপ্লৱী চেতনাৰে গণশিল্পী মঘাই ওজাই সমাজ আৰু দেশৰ অন্যায় অবিচাৰ, শোষণৰ বিৰুদ্ধে ঢোলত ৰগৰ দিয়েই প্ৰতিবাদ কৰিছিল।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি আছিল গণশিল্পী মঘাই ওজা আছিল তেতিয়া উপ-সভাপতি। গণশিল্পী মঘাই ওজাই ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুদীৰ্ঘ ষাঠিটা বছৰৰ পিচত 2023 বছৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুণৰবাৰ ঢোলবাদ্যক বিশ্বত প্ৰতিষ্ঠা কৰি গীনিজ বুকত নাম খোদিত কৰায় । তদুপৰি ঢুলীয়া শিল্পীসকলৰ প্ৰতিও উপযুক্ত মাননি আগবঢ়াই সন্মান প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

"মঘাই ওজাবিহীন বিহু নহয় সিমান মধুৰ" বুলি গীত গাই প্ৰকাশ কৰিছিল সুধাকণ্ঠই । সেই বিহুকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে । এই মহৎ কামৰ বাবেই মুখ্যমন্ত্ৰীলৈ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বঁটাটো আগবঢ়াই বুলি বিবৃতিটোত উল্লেখ কৰে ।

অহা 19 আৰু 20 এপ্ৰিল ছয় আৰু সাত বহাগত গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰত অনু্ষ্ঠিত হ’বলগীয়া বহাগী উৎসৱ অনুষ্ঠানত এই বঁটাটো আগবঢ়োৱা হ’ব মুখ্যমন্ত্ৰীগৰাকীক ৷

লগতে পঢ়ক: পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.