ETV Bharat / state

লখিমপুৰ-ধেমাজিত অমৃত ভাৰত ষ্টেচন আঁচনিত অন্তর্ভুক্ত চাৰিটাকৈ ষ্টেচন

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:28 PM IST

Amrit Bharat Station Scheme : সোমবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিত দেশৰ ৫৫৪ টা ৰে’লৱে ষ্টেচনৰ আধুনিকীকৰণ ভাৰ্চুৱেলি শুভাৰম্ভ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লখিমপুৰ আৰু ধেমাজিত এই আঁচনিত চাৰিটাকৈ ষ্টেচন অন্তর্ভুক্ত হৈছে ।

Four stations included in Lakhimpur Dhemaji under Amrit Bharat Station Scheme
অমৃত ভাৰত ষ্টেচন আঁচনি

অন্তর্ভুক্ত চাৰিটাকৈ ষ্টেচন

লখিমপুৰ, ২৬ ফেব্ৰুৱাৰী : অমৃত ভাৰত ষ্টেচন আঁচনিয়ে সামৰিলে লখিমপুৰ ধেমাজিৰ চাৰিটাকৈ ৰে’লৱে ষ্টেচন । সাধাৰণ জনতাৰ মাজত ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হয় । অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত সোমবাৰে সমগ্ৰ দেশত ৫৫৪ টা ৰে’লৱে ষ্টেচন আধুনিকীকৰণৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ৫৫৪ টা ষ্টেচন আধুনিকীকৰণ ৰিম’ৰ্টৰ চুইচ টিপি ভাৰ্চুৱেলি শুভাৰম্ভ কৰে ।

এই আঁচনিত লখিমপুৰ ধেমাজিত অন্তর্ভুক্ত হয় চাৰিটা ৰে’লৱে ষ্টেচন । ষ্টেচন কেইটা হ’ল হাৰমতী, লখিমপুৰ, মুৰ্কংচেলেক আৰু চিলাপথাৰ । ইয়াৰে হাৰমতী ষ্টেচন আধুনিকীকৰণৰ বাবে ৯ কোটি ৮৪ লাখ, লখিমপুৰ ষ্টেচন আধুনিকীকৰণৰ বাবে ৭ কোটি ১২ লাখ, মুৰ্কংচেলেক ষ্টেচন আধুনিকীকৰণৰ বাবে ৭ কোটি ৬৮ লাখ আৰু চিলাপথাৰ ষ্টেচন আধুনিকীকৰণৰ বাবে ৭ কোটি ৮৮ লাখ টকা অনুমোদন হয় । এই উপলক্ষে সোমবাৰে ষ্টেচন কেইটাত ব্যাপক আনন্দ উল্লাস ভৰা পৰিৱেশৰ সৃষ্টি হয় ৷

ৰে’লৱে বিভাগে ষ্টেচন কেইটাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । স্থানীয় জিলা প্ৰশাসন, পৌৰসভা আদিৰ বিষয়া বৰ্গ, ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজক লৈ ষ্টেচন কেইটাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান আদি আয়োজন কৰাৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰে ৰে’লৱে বিভাগে । লখিমপুৰ ৰে’লৱে ষ্টেচনতো একেই উৎসৱমূখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় । বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ষ্টেচনটো মূখৰ হৈ উঠে ।

ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ অতিৰিক্ত মেনেজাৰ সিংঘ চইংগ, ডিভিজনেল কমাৰ্চিয়েল মেনেজাৰ ধ্ৰুৱজ্যোতি বৰ্মন, লখিমপুৰ ষ্টেচনৰ অধীক্ষক মৃদুল ডেকাসহ ৰে’লৱে বিভাগৰ বহু বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, পৌৰপতি নিবেনিতা দত্ত, উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্তসহ ভালে কেইজন ৱাৰ্ড সদস্য উপস্থিত থাকে । অনুষ্ঠানটোত ভাষণ দি তিনিচুকীয়া ডিভিজনৰ অতিৰিক্ত মেনেজাৰ সিংঘ চইংগে অমৃত ভাৰত ষ্টেচন আঁচনিৰ বিষয়ে ব্যাখা কৰে । তেওঁ এই আঁচনিত অন্তর্ভুক্ত হোৱা ষ্টেচনসমূহ অত্যাধুনিক সা-সুবিধা ৰে সজ্জিত হ’ব বুলি কয় । ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ শলাগ লয় ।

লগতে পঢ়ক : উত্তৰ পাৰৰ ৰে’লৱে ষ্টেচনৰ উন্নতি-ৰে’লপথ বৈদ্যুতিকৰণে জনসাধাৰণক লাভান্বিত কৰিব : প্ৰদান বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.