ETV Bharat / state

বিহুলৈ বুলি মটৰ মেকানিকে সাজি উলিয়াইছে শ শ ম'হৰ শিঙৰ পেঁপা - Rangali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:12 PM IST

Rangali Bihu 2024: আকৌ আহি পালেহি আদৰৰ ৰঙালী বিহু । ৰঙালীক আদৰিবলৈ সাজু অসমীয়া । শিপিনী ব্যস্ত তাঁতশালত, বিহুৱা নাচনী ব্যস্ত আখৰাত । ইফালে আকৌ বিহুৱাক যোগান ধৰিবলৈ ঢোল, পেঁপা, গগনা আদি নিৰ্মাণ কৰাত ব্যস্ত আন একাংশ । এজন মটৰ মেকানিকৰ কথাৰে এই বিশেষ প্ৰতিবেদন ।

MAKING FOLK INSTRUMENTS FOR BIHU
বিহুলৈ বুলি মটৰ মেকানিকে সাজি উলিয়াইছে শ শ ম'হৰ শিঙৰ পেঁপা

বিহুলৈ বুলি মটৰ মেকানিকে সাজি উলিয়াইছে শ শ ম'হৰ শিঙৰ পেঁপা

নলবাৰী,২ এপ্ৰিল: আদৰৰ ৰঙালী বিহুলৈ আৰু এপষেকো নাই । খিট খিট শব্দত মুখৰিত তাঁতশাল, ঢুলীয়াৰ ঢোলৰ চাপৰত, নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে জুৰীয়া আঁহতৰ তল । তিহিতি পেঁপাৰ কিৰিলীয়ে দেহত জগাই তুলিছে অবুজ শিহৰণ । চৌদিশে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ৰঙালী বুলিলেই যেন অনিবাৰ্য ম'হৰ শিঙৰ পেঁপা । পেঁপাৰ কিৰিলীত পকি উঠে বিহুখন, পেঁপাৰ কিৰিলীত জাকি মাৰি ওলাই আহে নাচনী ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্ততি চলিছে নলবাৰীতো । ৰঙালী বিহুৰ বাবে সাজু হৈ উঠিছে ঢোল, পেপা, গগণা ইত্যাদি । ইয়াৰ মাজতে চৰ্চাত এজন যুৱক । যুৱকজন পেছাত এজন মটৰ মেকানিক, পিছে তেওঁ এতিয়া ব্যস্ত পেঁপা, গগণা, ডবুৱা কটাৰী নিৰ্মাণ কৰাত । যুৱকজনৰ নাম উপেন ডেকা । নলবাৰী জিলাৰ টিহুৰ হাৰিভাঙাৰ এজন মটৰ মেকানিক উপেন ডেকাৰ এতিয়া ভীষণ ব্যস্ততা । বিগত দহ বছৰে তৈয়াৰ কৰি আহিছে মহৰ শিঙৰ পেঁপা, গগণাৰ লগতে বিহুত ব্যৱহৃত বিভিন্ন সামগ্ৰী ।

নলবাৰীৰ লগতে অসমৰ ভিন্ন প্ৰান্তলৈ গৈছে যুৱকজনে তৈয়াৰ কৰা বিহুৰ সামগ্ৰী । পেছাত গাড়ী মেকানিক উপেন ডেকাই সাজি উলিয়াইছে কেইবা শতাধিক সামগ্ৰী । প্ৰতিবিধ সামগ্ৰী সুন্দৰকৈ পৰিৱেশন কৰিবও জানে উপেন ডেকাই । উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও গৈছে এই সামগ্ৰীসমূহ । উপেন ডেকাই নিৰ্মাণ কৰা সামগ্ৰীসমূহে ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

সেয়ে এতিয়া দিন-ৰাতি একাকাৰ কৰি গাড়ীৰ বিভিন্ন কাম কৰাৰ লগতে আজৰি সময়ছোৱাত ম'হৰ শিঙৰ পেঁপা, গগণা, টকা, ডবুৱা কটাৰী আদি তৈয়াৰ কৰি আহিছে আৰু এনেদৰে নিজৰ পৰিয়াল পোহপাল দি আহিছে যুৱকজনে । ইয়াৰ লগতে উপেন ডেকা এগৰাকী বিহুৱাও । বিহুৰ বতৰত নাচনীজনীক পেঁপাটি বজাই ৰিঙিয়াই মাতিবলৈ আপুনিও যোগাযোগ কৰিব পাৰে উপেন ডেকাক ।

লগতে পঢ়ক: বিহুলৈ বুলি পেঁপা, গগনা আদি প্ৰস্তুত কৰাত ব্যস্ত ধেমাজিৰ ভোগেশ্বৰ গগৈ - Rangali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.