ETV Bharat / state

একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড, ৪ টা বাসগৃহ ভস্মীভূত

Two Fire break out incident : ৰাজ্যৰ দুখনকৈ জিলাত ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰপেটাৰ জিলাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ড সংঘটিত হয় ৷ লগতে যোৰহাট জিলাৰ টীয়কত কাটি দমাই থোৱা জাৱৰত অগ্নিকাণ্ড সংঘটিত হয় ৷

Two Fire break out incident
একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 8:26 AM IST

|

Updated : March 1, 2024 at 1:15 PM IST

2 Min Read
Choose ETV Bharat
একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

বৰপেটা/টীয়ক, 1 মাৰ্চ : বৃহস্পতিবাৰে ৰাজ্যখনৰ দুখনকৈ জিলাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ প্ৰথমটো ঘটনাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ইফালে কাটি থোৱা জাৱৰৰ দ’মত জুই লাগি আন এক অগ্নিকাণ্ডৰ সংঘটিত হয় ৷

প্ৰথমটো ঘটনা অনুসৰি, বৰপেটাৰ জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা আদৰ্শ মুছলমান গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । আনোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰৰ এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ মুহূৰ্ততে এই জুই বিয়পি চাৰিটা বাসগৃহ ভস্মীভূত হয় ৷

এই অগ্নিকাণ্ডত আনোৱাৰ হুছেইনৰ চাৰি পুত্ৰৰ চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় আৰু প্ৰয়োজনীয় নথি-পত্ৰ, নগদ ধনসহ আ-অলংকাৰৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি অগ্নিকাণ্ডত জাহ যায় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।

এই ঘটনাৰ পিচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু তাৰাবাৰী আৰক্ষী উপস্থিত হয় । সম্প্ৰতি এই দুৰ্ভগীয়া পৰিয়ালটিক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

দ্বিতীয়টো ঘটনা যোৰহাটৰ ৷ যোৰহাট জিলাৰ পূব টীয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত জগদুৱাৰস্থিত মুগা সঁচ উন্নয়ন প্ৰকল্প কেন্দ্ৰৰ প্ৰাংগনত মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ কৰ্মপত্ৰ আঁচনিৰ অধীনত কাম চলি থকা অৱস্থাত প্ৰকল্পৰ প্ৰাংগনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে, কাম কৰি থকা অৱস্থাত একাংশ কৰ্মীয়ে কাম কৰি গোটাই থোৱা জাৱৰত জুই লগা দেখি ততাতৈয়াকৈ উপস্থিত থকা লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰে মুকলি স্থান হোৱাৰ বাবে জুইৰ লেলিহান শিখাই মুহূৰ্ততে এক বৃহত্তৰ অঞ্চল আৱৰি ধৰে ।

তাৰ পিচতে টীয়ক অগ্নিনিৰ্বাপক বাহিনী আৰু টীয়ক আৰক্ষীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ কিন্তু এই অগ্নিকাণ্ডৰ ফলত বহুত মূল্যবান গছ জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নীল নদীত যাত্ৰীবাহী ফেৰী ডুব গৈ 10 শ্ৰমিকৰ মৃত্যু

Last Updated : March 1, 2024 at 1:15 PM IST