ETV Bharat / international

নীল নদীত যাত্ৰীবাহী ফেৰী ডুব গৈ 10 শ্ৰমিকৰ মৃত্যু

author img

By PTI

Published : Feb 27, 2024, 9:30 AM IST

Ferry sinks in Nile
নীল নদীত যাত্ৰীবাহী ফেৰী ডুব গৈ 10 কৰ্মচাৰীৰ মৃত্যু

Ferry sinks in Nile : ইজিপ্তৰ মনচাট এল-কানাটাৰ চহৰত দিন হাজিৰা কৰা শ্ৰমিক কঢ়িয়াই অনা এখন ফেৰী নীল নদীত ডুব যোৱাৰ ফলত 10 গৰাকী লোকৰ মৃত্যু হয় ৷

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 27 ফেব্ৰুৱাৰী : ইজিপ্তৰ কায়ৰ’ত অঘটন ৷ দিন হাজিৰা কৰা শ্ৰমিক কঢ়িয়াই অনা এখন ফেৰী নীল নদীত ডুব যোৱাৰ ফলত 10 গৰাকী কৰ্মচাৰী মৃত্যু হয় ৷ ফেৰীখনত কমেও 15 গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে ৷

জনশক্তি মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰে যে, এই দুৰ্ঘটনাত জীয়াই থকা পাঁচজনক সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ অৱশ্যে শ্ৰমিককেইজন এতিয়া সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷ ফেৰীখন ডুব যোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷

এই ঘটনাৰ পিচতে মন্ত্ৰালয়ে মৃতকৰ প্ৰতিটো পৰিয়ালক ২,০০,০০০ ইজিপ্তিয়ান পাউণ্ড (প্ৰায় ৬,৪৬৬ ডলাৰ) আৰু আহত পাঁচজনৰ প্ৰতিজনক ২০,০০০ (৬৪৬ ডলাৰ) ক্ষতিপূৰণ আৱণ্টন দিয়ে । শ্ৰমিকসকলে এটা স্থানীয় নিৰ্মাণ প্ৰতিষ্ঠানত কাম কৰিবলৈ গৈ আছিল ।

স্থানীয় সংবাদ মাধ্যমৰ অনুসৰি, মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী দলক কেইবা ঘণ্টাও সময় লাগিছিল ৷ এই সমগ্ৰ উদ্ধাৰ ঘটনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীমযোগে ভিডিঅ' সম্প্ৰচাৰ কৰা হৈছিল ৷ য'ত ডুবাৰুসকলে নীল নদৰ পাৰত মৃতদেহ বিচাৰি থকা পৰিলক্ষিত হৈছিল ৷ এই ঘটনাটো গিজাৰ মনচাট এল-কানাটাৰ চহৰত সংঘটিত হৈছিল বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷

বহুতো ইজিপ্তীয়ে দৈনিক ফেৰী অথবা নাৱেৰে যাতায়ত কৰি আহিছে ৷ বিশেষকৈ উজনি ইজিপ্ত আৰু নীল বদ্বীপত কৰ্মচাৰীসকলে ফেৰী সেৱা অধিক ব্যৱহাৰ কৰে । ইজিপ্তত ফেৰী, ৰে’ল আৰু পথ দুৰ্ঘটনা সচৰাচৰ সংঘটিত হয় ৷ 2022 চনত, ইজিপ্তৰ নীল নদীত দুজন লোকৰ মৃত্যু হৈছিল আৰু আঠজন সন্ধানহীন হৈছিল ৷ আনহাতে 2015 চনত, নীল নদীত এখন যাত্ৰীবাহী নাও আৰু এটা স্কাউৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত 35 জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক: হামাছ-ইজৰাইলৰ যুদ্ধ অন্তৰ্ভুক্ত হ’ল পাঠ্যক্ৰমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.