ETV Bharat / state

তিনিদিনে অন্ধকাৰ ডুবিল সোণাৰি: শীঘ্ৰে হ'ব বিদ্যুৎ সংযোগ - Damage in Storm

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:32 PM IST

Power supply disrupted in Sonari
চৰাইদেউ জিলাখনত হাহাকাৰ পৰিবেশ

Damage in Storm: চৰাইদেউ জিলাত প্ৰকৃতিৰ তাণ্ডৱত বিভিন্ন প্ৰান্তত বৃহৎ ক্ষয়-ক্ষতি হয় ৷ ইয়াৰ পিচৰে পৰাই সোণাৰিত প্ৰতিঘৰেই অন্ধকাৰত ডুব গৈ আছে ।

চৰাইদেউ জিলাখনত হাহাকাৰ পৰিবেশ

মৰাণ, ২৯ এপ্ৰিল: প্ৰচণ্ড ধুমুহাৰ পাছতে চৰাইদেউ জিলাখনত হাহাকাৰ পৰিবেশ । তিনিদিনে অন্ধকাৰত ডুব গৈ আছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে জিলাখনৰ প্ৰায়সমূহ অঞ্চল । তিনিদিন পূৰ্বে কালৰূপী ধুমুহাই সমগ্ৰ চৰাইদেউ জিলাতে বিস্তৰ ক্ষতিসাধন কৰে । লগতে বিদ্যুৎ ব্যৱস্থাপনা তচনচ কৰাৰ ফলত সোণাৰিত তিনিদিনে বিদ্যুৎ যোগান ব্যাহত । এই ধুমুহাত ১০ কোটিৰো অধিক ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰিছে বিভাগটোৰ বিষয়াসকলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোণাৰিত এতিয়া প্ৰতিঘৰেই অন্ধকাৰত ডুব গৈ আছে । ইনভাৰটাৰৰো কাম নোহোৱাত ম'মৰ সহায়েৰে অতিবাহিত কৰিছে দিন । সমান্তৰালকৈ ব্যৱসায়ী মহলৰো একে অৱস্থা, ম'ম জ্বলাই গ্ৰাহকক আগবঢ়াইছে সেৱা । অৱশ্য়ে ভয়াৱহ ধুমুহাৰ তাণ্ডৱৰ পাছতেই তীব্ৰ গতিত চলিছে বিদ্যুৎ পুনৰ সংযোগৰ কাম । অতি সোনকালে বিদ্যুৎ যোগান ধৰা হ'ব বুলি সদৰী কৰিছে বিভাগটোৰ বিষয়াসকলে । দিনে- নিশাই কাম কৰিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ।

উল্লেখযোগ্য যে শনিবাৰে নিশা ভয়ংকৰ ধুমুহাই চৰাইদেউ জিলাখনৰ প্ৰায়সমূহ অঞ্চলতেই তাণ্ডৱ চলোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । ধুমুহাৰ প্ৰকোপ ইমানেই বেছি আছিল যে জিলাখনৰ বহু লোকৰ ঘৰ ভঙাৰ লগতে পথৰ কাষত থকা বহু গছ উভালি পৰে । লগতে সেই দিনটোতেই ভয়ংকৰ ধুমুহাত চৰাইদেউত এগৰাকী মহিলাৰ মৃত্যু হয় । চৰাইদেউৰ শালকাঠনী চাহ বাগিচাত ঘৰ ভাঙি হেঁচা মাৰি ধৰাৰ ফলতে সাবিত্ৰী শৰ্মা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হয় । ইয়াৰ উপৰি ধুমুহাত বহু কৃষক ৰাইজৰ পশুধনৰ মৃত্যু হোৱাত জিলাখনত অবৰ্নণীয় পৰিবেশ সৃষ্টি হৈছে ।

লগতে পঢ়ক: প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে এজনে - Heavy Storm In Charaideo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.