ETV Bharat / state

অৰুণাচল প্ৰদেশ সন্দৰ্ভত চীনে কৰা মন্তব্যই নিৰ্বাচনত প্ৰভাৱ নেপেলায়: অশোক সিংহল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 5:29 PM IST

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অবিহনে ভাৰত বিকশিত হ’ব নোৱাৰে, ভাৰত বিকশিত হ’বলৈ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হ’ব লাগিব ৷ আগন্তুক লোকসভা নিৰ্বাচনক লৈ অসম চৰকাৰৰ মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী অশোক সিংহলৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ ৷

Exclusive Interview Ashok Singhal
বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী অশোক সিংহল

বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী অশোক সিংহল

তেজপুৰ, ১৫ এপ্ৰিল: অৰুণাচল প্ৰদেশক লৈ চীনে কৰা মন্তব্যই কোনো প্ৰভাৱ নেপেলায় । চীন কোনো Stake holder নহয় যে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনত চীনৰ বিষয়ে আলোচনা কৰিম, বৈদেশিক মন্ত্ৰীয়ে এই বিষয়ে মন্তব্য কৰিছে ৷ অসম চৰকাৰৰ মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী অশোক সিংহলে সোমবাৰে তেজপুৰত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰে ৷

মন্ত্ৰী সিংহলে কয় যে, অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাৰ্থী বিচাৰি নাপালে । ফলস্বৰূপে অৰুণাচল প্ৰদেশৰ মুঠ ১০ খন বিধানসভা আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ বিজয় সাব্যস্ত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হোৱা উন্নয়নৰ বাবে এতিয়া অৰুণাচল প্ৰদেশত ৰাইজে বিজেপিক আঁকোৱালি লৈছে । উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ অবিহনে ভাৰত বিকশিত হ’ব নোৱাৰে, ভাৰত বিকশিত হ’বলৈ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হ’ব লাগিব বুলি তেওঁ কয় ।

ৰাজ্যখনৰ সীমান্তৱৰ্তী এলেকাত হোৱা সৰ্বাত্মক উন্নয়ন আৰু বৰ্ডাৰ ৰোডছ সংযোগ ব্যৱস্থাই ৰাজ্যখনক অধিক গুৰুত্ব প্ৰদান কৰিছে বুলিও তেওঁ কয় । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ৬০ টা বিধানসভা সমষ্টিৰ ১০ টা সমষ্টিত বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় । এই সমষ্টিকেইটাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীকেইজনৰ বিৰুদ্ধে কোনো মনোনয়ন দাখিল কৰা হোৱা নাছিল । বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰাসকলৰ অন্যতম আছিল টাৱাং জিলাৰ ৩ নং মুক্তো (ST) বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু 46 নং চৌখাম সমষ্টিৰ প্ৰাৰ্থী তথা উপ মুখ্যমন্ত্ৰী চৌনা মিন ৷

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ নাম সলনি কৰি একো নহ'ব: ৰঙা চীনক সকীয়নি ৰাজনাথ সিঙৰ - Lok Sabha Election 2024

ইফালে, চীনে অৰুণাচল প্ৰদেশৰ ৩০ খন ঠাইৰ নাম সলনি কৰাৰ পিচত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নামচাইৰ এখন নিৰ্বাচনী সভাত মন্তব্য কৰিছিল , " চীনে অৰুণাচল প্ৰদেশৰ ৩০ টা ঠাইৰ নাম সলনি কৰি নিজৰ ৱেবছাইটত পোষ্ট কৰিছে । মই মোৰ ওচৰ-চুবুৰীয়াক ক'ব বিচাৰো যে নাম সলনি কৰি একো নহ'ব । কাইলৈ ​​যদি আমি চীনৰ কিছুমান প্ৰদেশ আৰু কিছুমান ৰাজ্যৰ নাম সলনি কৰোঁ, তেন্তে তেনে কৰিলে সেই অঞ্চলবোৰ ভাৰতৰ অংগ হৈ পৰিবনে ? "

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে আৰু কৈছিল, " আমি আমাৰ চুবুৰীয়া দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব বিচাৰো ৷ কিন্তু যদি কোনোবাই ভাৰতৰ সন্মানত আঘাত হানিবলৈ চেষ্টা কৰে, তেতিয়া ভাৰতৰ ইয়াৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা আছে ।"

লগতে পঢ়ক: অৰুণাচলৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসহ ১০ গৰাকী বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ - Arunachal Assembly Polls

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.