ETV Bharat / politics

অৰুণাচল প্ৰদেশৰ নাম সলনি কৰি একো নহ'ব: ৰঙা চীনক সকীয়নি ৰাজনাথ সিঙৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:05 PM IST

Rajnath Singh in Arunachal: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অৰুণাচলৰ পৰা ৰঙা চীনক সকীয়নি দিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । যোৱা দহ বছৰত মোদী চৰকাৰে উত্তৰ-পূবৰ বাবে কি কি কৰিলে তাৰো খতিয়ান ৰাইজক দিলে সিঙে ।

Lok Sabha Election 2024
Rajnath Singh in Arunachal

ৰঙা চীনক সকীয়নি ৰাজনাথ সিঙৰ

তেজপুৰ, ৯ এপ্ৰিল: অৰুণাচল প্ৰদেশৰ নামচাইত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, "চীনে অৰুণাচল প্ৰদেশৰ ৩০ টা স্থানৰ নাম সলনি কৰি নিজৰ ৱেবছাইটত পোষ্ট কৰিছে । মই মোৰ ওচৰ-চুবুৰীয়াক ক'ব বিচাৰো যে নাম সলনি কৰি একো নহ'ব"। "কাইলৈ ​​যদি আমি চীনৰ কিছুমান প্ৰদেশ আৰু কিছুমান ৰাজ্যৰ নাম সলনি কৰোঁ, তেন্তে তেনে কৰিলে সেই অঞ্চলবোৰ ভাৰতৰ অংগ হৈ পৰিবনে ?" এই বুলিও প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, "আমি আমাৰ চুবুৰীয়া দেশৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰো, কিন্তু যদি কোনোবাই ভাৰতৰ সন্মানত আঘাত হানিবলৈ চেষ্টা কৰে, তেন্তে আজি ভাৰতৰ ইয়াৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা আছে ।" সিঙে মঙলবাৰে পূব অৰুণাচল প্ৰদেশৰ পূৰ্বৰ সাংসদ আৰু বৰ্তমানৰ বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তাপীৰ গাৱৰ হৈ নামচাইত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাজহুৱা সভাত এই মন্তব্য কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পূৰ্বৰ ভাৰতৰ বহু হাজাৰ হেক্টৰ ভূমি চুবুৰীয়া দেশৰ অধীনলৈ গৈছিল ৷ কিন্তু আজি ভাৰতৰ ভূমি কোনোবাই অধিগ্ৰহণ কৰিবলৈ সাহস কৰিব নোৱাৰে বুলি দাবী কৰে ৰাজনাথ সিঙে ।

উল্লেখ্য যে চীনে অলপতে ভাৰতৰ ৩০ খন ঠাইৰ নাম ৱেবচাইটত সলনি কৰি চীনা ভাষা মেণ্ডেৰীণত প্ৰকাশ কৰিছিল । চীনে এই কাৰ্য চতুৰ্থবাৰৰ বাবে কৰা দেখা গৈছে । পূৰ্বতে ২০১৭ চনত তিব্বতিয়ান ধৰ্মগুৰু দালাই লামাই টাৱাং ভ্ৰমণ কৰাৰ এদিন পিচত অৰ্থাৎ ১৩ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ঠাইৰ নাম সলনি কৰিছিল চীনে । ইয়াৰ পিচত ২০২১ চনত ১৫ খন ঠাইৰ নাম সলায় আৰু ২০২০ চনৰ ২০ জুনত গালোৱান কাণ্ডৰ পিচত এই কাণ্ড সংঘটিত কৰিছিল চুবুৰীয়া ৰাষ্ট্ৰখনে ।

২০২৩ চনত পুনৰ চীনে ১১ খন ঠাইৰ নাম সলনি কৰিছিল । তাৰ ভিতৰত আছিল ১২ টা পাহাৰ, ১১ টা জনবসতিপূৰ্ণ অঞ্চল, ৪ খন নদী, ১ টা পৰ্বতৰ সমতল ভূমি আৰু কিছুমান বসতিপূৰ্ণ অঞ্চল । প্ৰতিৰক্ষা মন্ত্ৰী সিঙে তেওঁৰ ভাষণত পুনৰ কয় যে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীয়ে এইয়া ২১ শতিকাৰ ভাৰতবৰ্ষৰ বুলি কয় । চীনা যুদ্ধৰ সময়ত অৰুণাচল প্ৰদেশৰ লোকে দেখুওৱা সাহসৰ বিষয়ে সকলোৱে জানে ।

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ উন্নতি সাধন কৰিবলৈ বিজেপি চৰকাৰে বিগত ১০ বছৰ কাম কৰি আহিছে । উদাহৰণ স্বৰূপে আটাইতকৈ দীঘল বগীবিল দলং বা সকলো বতৰৰ সন্মুখীন হ'ব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা টাৱাঙৰ চেলা সুৰংগ ইয়াৰ উদাহৰণ ।

পূৰ্বতে কংগ্ৰেছ চৰকাৰে মাত্ৰ আধাৰশিলা স্থাপন কৰিছিল কিন্তু এতিয়া আধাৰশিলা কৰা প্ৰতিটো স্থান দেশৰ বাবে উৎসৰ্গিত কৰি মুকলি কৰা হয় । অৰুণাচল প্ৰদেশৰ ডিবাং ভেলি হাইড্ৰ' ইলেট্ৰিক প্ৰজেক্ট দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু শক্তিশালী প্ৰজেক্ট নিৰ্মাণ কৰিবলৈ চৰকাৰে হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে পূৰ্বতে সীমান্তৰ শেষৰ গাঁওখন বুলি অৱহেলিত কৰি ৰাখিছিল কিন্তু এতিয়া সেইখন ভাৰতৰ প্ৰথমখন গাঁও । ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰেমৰ জৰিয়তে চৰকাৰে সেই গাঁও সমূহত সকলো সুবিধা প্ৰদান কৰিছে বুলি তেওঁ কয় ।

ভাষণৰ আৰম্ভণিতে তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ প্ৰদেশ য'ত সূৰ্যৰ প্ৰথম কিৰণ পৰে, যাৰ লগত আছে বাবা পৰশুৰামৰ আৰ্শীবাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যক অষ্টলক্ষ্মী বুলি অভিহিত কৰে বুলি তেওঁ কয় । ৰাজনাথ সিঙে জনসভাত তাপীৰ গাৱক অধিক ভোটত জয়ী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগী কৰিবলৈ অৰুণাচল প্ৰদেশৰ জনসাধাৰণক আহ্বান জনায় ।

লগতে পঢ়ক: লখিমপুৰৰ নিৰ্বাচনী জনসভাৰ পৰা চীনলৈ কঠোৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.