ETV Bharat / politics

অৰুণাচলৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসহ ১০ গৰাকী বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ - Arunachal Assembly Polls

Arunachal Assembly Polls: অৰুণাচলত মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰীকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ 10 জন প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰাজ্যখনৰ 10 টা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে দাখিল নহ’ল এখনো মনোনয়ন ৷

ARUNACHAL ASSEMBLY POLLS
বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ ১০ গৰাকী বিজেপি প্ৰাৰ্থীৰ
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 7:14 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ, 30 মাৰ্চ : দেশত লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিঘটনা ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চৌনা মিনকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ 10 জন প্ৰাৰ্থীয়ে অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন 2024ত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে ৷ অৰুণাচল বিধানসভাৰ মুঠ 60 খন আসনৰ ভিতৰত 10 গৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ ঘটনা ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে ৷ এই ফলাফলক লৈ আনন্দ প্ৰকাশ কৰি ৰাজ্যখনৰ সংসদীয় নিৰ্বাচনৰ পৰ্যবেক্ষক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে এই উল্লেখযোগ্য বিজয়ৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চৌনা মিনক অভিনন্দন জ্ঞাপন কৰে ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ মুঠ 60 টা বিধানসভা সমষ্টিৰ 10 টাত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে দাখিল নহ’ল এখনো মনোনয়ন পত্ৰ ৷ আজি মনোনয়ন প্ৰত্যাহাৰৰ দিনটোত সমগ্ৰ বিষয়টো স্পষ্ট হৈ পৰে ৷ এককথাত এই 10 জন প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাকৈয়ে জয়ী হোৱা বুলি জানিব পৰা গৈছে ৷

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টাৱাং জিলাৰ 3 নং মুকটো (ST) বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷ আনহাতে উপ-মুখ্যমন্ত্ৰী চৌনা মিনে 46 নং চৌখাম সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে ৷ ইফালে ৰাজ্যখনৰ আন এক উল্লেখযোগ্য বিধানসভা সমষ্টি হায়ুলিয়াঙৰ পৰা মহিলা প্ৰাৰ্থী ডাচাঙলু পুলে বিজয় সবাস্ত কৰিছে ৷ পুল হৈছে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক পুলৰ পত্নী ৷

এই নিৰ্বাচনত ৰাজ্যখনৰ পাপুম পাৰেকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত বিৰোধী প্ৰাৰ্থী বিশেষভাৱে অনুপস্থিত থকাৰ ধাৰাটোৱে শাসকীয় দলৰ বিজয়ৰ পথ মুকলি কৰি দিছে ৷ উল্লেখযোগ্য যে ছাগালীৰ ৰাটু টেচিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় নিশ্চিত হোৱা আন এজন বিজেপি প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ সময়সীমাৰ পূৰ্বে কোনো বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত বিজেপিয়ে মক্তো, ছাগালীকে ধৰি মুঠ 10 টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় নিশ্চিত কৰে ৷ ইয়াৰ উপৰিও নামনি সোৱনশিৰি জিলাৰ জিৰোৰ পৰা হাগে আপ্পাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷

তথ্য অনুসৰি 20 নং তালিৰ পৰা জিকে টাকো, 23 নং তালহা সমষ্টিৰ পৰা পৰা ন্যাটো ডুকম, 15 নং ছাগালী সমষ্টিৰ পৰা ৰাটু টেচি, 43 নং ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথি, 17 নং জিৰো-হাপলিৰ পৰা হাগে অপ্পা, 13 নং ইটনাগাৰ সমষ্টিৰ পৰা টেচি কাচ’, 7 নং বমডিলা সমষ্টিৰ পৰা ডাংৰো ছিংজু আৰু 45 নং হায়ুলিয়াং সমষ্টিৰ পৰা দাচাঙলু পুলে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে ৷ উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ ইতিহাসত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা এয়াই প্ৰথম নহয় ৷

ইফালে ছাগালীৰ পৰা বিগত 30 বছৰ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়ে এইবাৰ সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ তেওঁ আলোৰ পৰা বৰ্তমানৰ বিজেপিৰ সাংসদ তাপীৰ গাৱৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছে ৷ অৰুণাচল প্ৰদেশৰ 2 টা লোকসভা সমষ্টিৰ পৰা 15 জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ৷ তাৰে ভিতৰত 1 জনৰ মনোনয়ন বাতিল হোৱাৰ বিপৰীতে 14 জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কৰ নিদি পলায়ন কৰা কংগ্ৰেছ দৰিদ্ৰজনৰ সৈতে নাই: মুখ্যমন্ত্ৰী শৰ্মাৰ কটাক্ষ - IT Tax Notice To Congress