ETV Bharat / state

মৰিয়নীত শিশু অপহৰণৰ চেষ্টা ব্যৰ্থ : সোপাধৰাৰ আতংকত ভীতিগ্ৰস্ত অঞ্চলবাসী - Child Abduction Attempt

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:46 PM IST

Mariani Police: একাংশ সন্দেহজনক লোকৰ চলণ-ফুৰণে আতংকৰ সৃষ্টি কৰিছে মৰিয়নীৰ চাহ বাগিচা অধ্য়ুষিত এলেকাত ৷ বাগিচাখনৰ 6 নং লাইনত সন্দেহজনক তিনি লোকে সংঘটিত কৰিব খুজিছিল শিশু অপহৰণ কাণ্ড ৷ পিছে শিশুটিয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

CHILD ABDUCTION ATTEMPT
শিশু অপহৰণৰ চেষ্টা ব্যৰ্থ (Source : Internet)

শিশু অপহৰণৰ চেষ্টা ব্যৰ্থ (Source : Etv Bharat Assam)

যোৰহাট, 21 মে’ : সোপাধৰাৰ আতংকত ভীতিগ্ৰস্ত যোৰহাটৰ মৰিয়নীবাসী ৷ মৰিয়নীৰ চেলেং চাহ বাগিচাত সংঘটিত হৈছে তেনে এক ঘটনা ৷ বাগিচাখনৰ 6 নং লাইনত সন্দেহজনক তিনি লোকে সংঘটিত কৰিব খুজিছিল শিশু অপহৰণ কাণ্ড ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাখনৰ 6নং লাইনৰ বাসিন্দা ৰাম সিং ভূমিজৰ সাত বছৰীয়া শিশুটিয়ে নিশা শোৱাপাটীৰ পৰা উঠি প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ গৈছিল ৷ শিশুটিক দুজন অচিনাক্ত লোকে সেই স্থানৰ পৰা মুখত সোপা দি ডাংকোলাকৈ লৈ যায় ৷

লগতে পঢ়ক: অপহৰণ নে আন কিবা ! তিনি নাবালক নিখোজ হোৱাক লৈ ৰহস্য ঘনীভূত - DOOM DOOMA MINOR MISSING CASE

পিছে শিশুটিয়ে চিঞৰি চিঞৰি দেউতাকক মতাত দেউতাক ওলাই আহি কণমানি পুত্ৰক নেদেখি হুলস্থূল কৰে ৷ ব্যক্তিগৰাকীৰ হুলস্থূলত ঘটনাস্থলীত গোট খায় চুবুৰীয়া লোকসকল ৷ শিশুটিৰ সন্ধানত সকলোকে আৰম্ভ কৰে বিচাৰ-খোঁচাৰ ৷

ইফালে, ৰহস্যজনকভাৱে শিশুটিয়ে নিজকে আৱিস্কাৰ কৰে এখন ভেনত ৷ ঘৰৰ পৰা প্ৰায় 400 মিটাৰ দূৰত্বত ৰখাই থোৱা ভেনখনৰ সমীপত আছিল এখন দোকান, যিখন শিশুটিৰ চিনাকী ৷ ভেনখনত এজন অপহৰণকাৰীয়ে ম’বাইলত ব্যস্ত থকাৰ সুযোগতে শিশুটিয়ে তাৰপৰা জীৱন ৰক্ষাৰ নিমিত্তে পলায়ন কৰে ৷ শিশুটিক পলোৱা দেখি পাছে পাছে কৰায়ত্ত কৰাৰ বাবে দৌৰি আহে আন দুজন অপহৰণকাৰী ৷

লগতে পঢ়ক: চাকৰি বিচাৰি ওলাই যোৱা ছোৱালীজনী 5 মাহে ঘূৰি নাহিল; সহায় বিচাৰি পৰিয়ালৰ হাহাকাৰ - Human Trafficking In Assam

সৌভাগ্যক্ৰমে শিশুটি অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হয় ৷ সমান্তৰালকৈ শিশুটিৰ ঘৰৰ কাষত স্থানীয় লোকে যাঠি, জোং লৈ বিচাৰ-খোঁচাৰ কৰি থকা দেখা পাই ঘটনাস্থলীৰ পৰা অপহৰণকাৰী কেইজনে পলাই সাৰে ৷

বাসগৃহত সুকলমে উপস্থিত হোৱা শিশুটিয়ে বৰ্ণনা কৰা অনুসৰি, ভেনখন আহিছিল মুঠ তিনিজন অপহৰণকাৰী ৷ এই সন্দৰ্ভত নিশাৰ ভাগতেই খবৰ দিয়া হয় চেলেংহাট আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ঘৰৰ পৰাই শিশু অপহৰণৰ চেষ্টা চলোৱা এই কাণ্ডত সম্প্ৰতি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত নকৰিবলৈ শিশুটিৰ পৰিয়ালৰ লোকক হেঁচা প্ৰয়োগ কৰাৰো উঠিছে অভিযোগ ৷

লগতে পঢ়ক: দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ

ছয়গাঁৱত ৰহস্য়জনকভাৱে সন্ধানহীন যুৱক - Youth Missing In Chaygaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.