ETV Bharat / state

নিৰ্বাচনৰ দিন ঘোষণাৰ দুদিন পিচতে প্ৰাৰ্থী ঘোষণা কৰিম: হাগ্ৰামা মহিলাৰী

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 4:05 PM IST

Hagrama Slams Pramod Bodo
নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব BPF য়ে

Lok Sabha election-2024: নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিপিএফ দলে । নিৰ্বাচনৰ দুমাহ পাচতে ভংগ হ'ব প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদ । বাক্সাৰ অদালবাৰীত বিপিএফ দলৰ এখন বুথ সমিতিৰ সভাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব BPF য়ে

বাক্সা,১৩ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও প্ৰায়সমূহ ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা । প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদেও ৷ প্ৰাৰ্থী ঘোষণা কৰাৰ পিচত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলৰ প্ৰাৰ্থীৰ তালিকাখনত ।

কিয়নো কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত এতিয়াও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম । কেতিয়া দুয়োটা লোকসভা সমষ্টিত দলটোৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব সেই লৈ উৎসুকতা চলি থকাৰ মাজতে বুধবাৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰে দলটোৰ স্থিতি । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচতেই কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত দলটোৱে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম ।

লগতে বিপিএফ দলে পূৰ্বে ঘোষণা কৰা স্থিতি কেতিয়াও সলনি নকৰে বুলি উল্লেখ কৰি কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও জানিবলৈ দিয়ে দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । আনকি বিপিএফ দলে কংগ্ৰেছ বা এ আই ইউ ডি এফৰ সৈতে কোনো আলোচনা কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে । দলটোৱে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰে BPF প্ৰধানগৰাকীয়ে ।

ইফালে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদ সম্পৰ্কেও বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । বাক্সাৰ অদালবাৰীত বিপিএফ দলৰ এখন বুথ সমিতিৰ সভাত অংশ লৈ মহিলাৰীয়ে লোকসভা নিৰ্বাচনৰ দুমাহ পাচতে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদ ভংগ হ'ব বুলিও মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ: কাজিৰঙাত ৰ'জলীনা তিৰ্কীৰ মূল ইছ্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.