ETV Bharat / state

অবৈধভাৱে চলাচল কৰা বহিঃৰাজ্যৰ ডাম্পাৰ, ট্ৰাকৰ বিৰুদ্ধে বিশ্বনাথত পৰিবহণ বিভাগৰ অভিযান

Drive against illegal vehicle: চলিত বৰ্ষত বিশ্বনাথ জিলাৰ পৰিবহণ বিভাগক 22 কোটি কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰে । ইয়াৰ পিচতে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ দলে নথি-পত্ৰ নোহোৱা, অসমৰ পৰিবহণ বিভাগৰ অসম যাত্ৰী আৰু সামগ্ৰী কৰ পৰিশোধ নকৰা ডাম্পাৰ, অধিক বোজা কঢ়িওৱা ট্ৰাক, উপযুক্ত নথি-পত্ৰ নোহোৱা যান বাহনৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷

Drive against illegal vehicle
অবৈধভাৱে চলাচল কৰা বহিঃৰাজ্যৰ ডাম্পাৰ, ট্ৰাকৰ বিৰুদ্ধে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 7:13 AM IST

3 Min Read
Choose ETV Bharat
অবৈধভাৱে চলাচল কৰা বহিঃৰাজ্যৰ ডাম্পাৰ, ট্ৰাকৰ বিৰুদ্ধে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ অভিযান

বিশ্বনাথ, 1 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম পৰিবহণ বিভাগৰ পৰিবহণ বিষয়াসকলক এক কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰিত কৰি দিছে । এই নিৰ্ধাৰিত লক্ষ্য অনুসৰি কোনোখন জিলাক যদি 1 কোটি টকা আন কোনোখন জিলাক আকৌ 17 পৰা 22 কোটি টকা । ইয়াৰ লগতে চলিত বৰ্ষত বিশ্বনাথ জিলাৰ পৰিবহণ বিভাগক 22 কোটি কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ।

ইয়াৰ পিচতে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ দলে নথি-পত্ৰ নোহোৱা, অসমৰ পৰিবহণ বিভাগৰ অসম যাত্ৰী আৰু সামগ্ৰী কৰ পৰিশোধ নকৰা ডাম্পাৰ, অধিক বোজা কঢ়িওৱা ট্ৰাক, উপযুক্ত নথি-পত্ৰ নোহোৱা যান বাহনৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷

বৃহস্পতিবাৰে বিশ্বনাথ জিলা পৰিহন বিষয়া চৈলেন দাসে জনোৱা অনুসৰি, দীৰ্ঘদিন ধৰি বহিঃৰাজ্যৰ পৰা অসমলৈ আহি ব্যৱসায় চলাই থকা তথা অসম চৰকাৰক যাত্ৰী আৰু সামগ্ৰী কৰ (Assam passenger And Goods Tax) পৰিশোধ নকৰা 5 খনকৈ নাগালেণ্ডৰ ডাম্পাৰ জিলা পৰিবহণ বিভাগে জব্দ কৰিবলৈ সক্ষম হয় ।

জিলা পৰিবহণ বিভাগে জব্দ কৰা নাগালেণ্ডৰ ডাম্পাৰ কেইখন ক্ৰমে NL04D7329, NL04D6987, NL04D6771, NL04D7328, NL07059 ৷ ইয়াৰ লগতে অধিক ইটা বোজা কঢ়িওৱা উত্তৰ প্ৰদেশৰ UP53ET7406 নম্বৰ এখন ১৬ চকীয়া ট্ৰাককে ধৰি বিভিন্ন নথি-পত্ৰ নথকা ১১ খনকৈ ডাম্পাৰ, ট্ৰাক জব্দ কৰে জিলা পৰিবহণ বিভাগে ।

আনহাতে জিলা পৰিবহণ বিষয়া দাসে জানিবলৈ দিয়া অনুসৰি, যোৱা কেইবাদিন ধৰি অবৈধভাৱে চলাচল কৰা যান-বাহনৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে যদিও অনাগত দিনত এই অভিযান অধিক কঠোৰ হ'ব ৷ অধিক বোজা কঢ়িওৱা বাহনৰ ফলত জিলাখনত বহু দুৰ্ঘটনা সংঘটিত হৈছে ৷

এতিয়াৰ পৰা কোনেও যাতে যান-বাহন আইন উলংঘা নকৰি অধিক বোজা নকঢ়িয়াই তাৰ বাবে সকলো ৰাইজকে আহ্বান জনায় জিলা পৰিবহণ বিষয়া দাসে ৷ লগতে প্ৰতিখন বাহনৰ স্বত্বাধিকাৰীয়ে যাতে সময়মতে বাহনসমূহৰ নথি-পত্ৰ পুনৰ নবীকৰণ কৰে আৰু সকলো নীতি-নিয়ম মানি গাড়ী চলাই তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে জিলাখনত ভূটান, নাগালেণ্ডৰ, অৰুণাচল আদিকে ধৰি বহিঃৰাজ্যৰ বহু ডাম্পাৰ, ট্ৰাক, এক্সকেভেটৰ গোপনে চলি আছে যদিও বৰ্তমানলৈকে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত Assam Passenger and Goods Tax দিয়া নাই ৷ গতিকে সেইসকলে শীঘ্ৰে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত Assam Passenger and Goods Tax পৰিশোধ কৰিবলৈ আহ্বান জনাই বিষয়াগৰাকীয়ে। অন্যথা শীঘ্ৰে এই বাহনসমূহৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব সকীয়নি দিয়ে চৈলেন দাসে ।

লগতে পঢ়ক: পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি