ETV Bharat / state

বৰাকত কোনো কাৰণতে ‘কা’বিৰোধী আন্দোলন হ’বলৈ নিদিয়ে প্ৰদীপ দত্তৰয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:09 PM IST

Bengali leader Pradeep Dutta
প্ৰদীপ দত্তৰয়

Anti CAA Protest Assam: ‘কা’বিৰোধী আন্দোলনকাৰীক সকীয়নি প্ৰদান বঙালী নেতা প্ৰদীপ দত্তৰয়ৰ ৷ বৰাকত কোনো কাৰণতে এই আন্দোলন হ’বলৈ নিদিয়ে বুলিও মন্তব্য দত্তৰয়ৰ ৷ কংগ্ৰেছক বঙালীবিৰোধী আখ্যা বঙালী নেতাগৰাকীৰ ৷

‘কা’বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সৰৱ প্ৰদীপ দত্তৰয়

কাছাৰ, 10 মাৰ্চ: ৰাজ্যত পুনৰ আৰম্ভ হ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বিৰোধী দলৰ লগতে কেবাটাও জাতীয় সংগঠনে অব্যাহত ৰাখিছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ‘কা’বিৰোধী আন্দোলন দেখি খং উঠিছে বঙালী নেতা প্ৰদীপ দত্তৰয়ৰ ৷

দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বঙালী নেতা তথা বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়কগৰাকীয়ে ‘কা’বিৰোধী আন্দোলনকাৰীসকলক সকিয়নী প্ৰদান কৰে ৷ কা বলৱৎ হ’বই বুলি উল্লেখ কৰি বঙালী নেতাগৰাকীয়ে কয় যে কংগ্ৰেছ, আছু আদিয়ে ‘কা’ৰ বিৰোধিতা কৰি আন্দোলন কৰি আছে ৷ এইক্ষেত্ৰত আন্দোলনকাৰীসকলক সকিয়নী প্ৰদান কৰি প্ৰদীপ দত্তৰয়ে কয় যে আন্দোলনকাৰীসকলে যদি কা বলৱতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তেন্তে সমাগত নিৰ্বাচনত বৰাকভেলীত কংগ্ৰেছকে আদি কৰি সকলোকে বৰ্জন কৰা হ’ব ৷

কংগ্ৰেছৰ বঙালীবিৰোধী আখ্যা দি প্ৰদীপ দত্তৰয়ে উল্লেখ কৰে ভাষা আন্দোলনৰ প্ৰসংগ ৷ 1961ৰ ভাষা আন্দোলনত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দিনত 11 জন বঙালী লোক ছহিদ হৈছিল বুলি মন্তব্য কৰে প্ৰদীপ দত্তৰয়ে ৷ গতিকে কংগ্ৰেছক প্ৰদীপ দত্তৰয়ে বঙালীবিৰোধী আখ্যা দিয়ে ৷ আইএমডিটি আইন উচ্চতম ন্যায়ালয়ৰ জৰিয়তে বাতিল কৰোৱা হৈছিল বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগতো আদালতৰ কাষ চাপিবলৈ আন্দোলনকাৰীসকলক আহ্বান জনায় বঙালী নেতাগৰাকীয়ে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন দেশত বলবৎ হ’ব বুলি ইতিমধ্যে বিজেপিয়ে জানিবলৈ দিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাৰ পিচতে অসমত পুনৰ আৰম্ভ হ’ল ‘কা’বিৰোধী আন্দোলন । বিৰোধী দলসহ বিভিন্ন জাতীয় দল-সংগঠনে অব্যাহত ৰাখিছে আন্দোলন । তেনেসময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে মন্তব্য কৰে যে যিসমূহ ৰাজনৈতিক দলে বন্ধ ঘোষণা কৰিব তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত গোচৰ দিয়া হ’ব আৰু পঞ্জীয়ন বাতিল হ’ব ৷

সমান্তৰালকৈ বঙালী নেতা প্ৰদীপ দত্তৰয়ে সংবাদমেল সম্বোধন কৰি কয় যে বৰাকভেলীত ‘কা’বিৰোধী আন্দোলন কৰিবলৈ দিয়া নহ’ব ৷ বৰাকভেলীৰ লোকে কা সমৰ্থন কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে কোনো ৰাজনৈতিক দলে বৰাকভালীত ‘কা’বিৰোধী আন্দোলন কৰিবলৈ সাহস কৰিব নোৱাৰিব ৷

লগতে পঢ়ক: CAA বিৰোধী আন্দোলন কৰি কোনো লাভ নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.