ETV Bharat / state

তেজপুৰত যৌনকৰ্মীৰ মাজত সজাগতা সৃষ্টিৰ আলোচনা-চক্ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:38 PM IST

তেজপুৰত যৌনকৰ্মীৰ মাজত সজাগতা সৃষ্টিৰ আলোচনা-চক্ৰ
তেজপুৰত যৌনকৰ্মীৰ মাজত সজাগতা সৃষ্টিৰ আলোচনা-চক্ৰ

Seminar on Sex Workers in Tezpur : সমল ব্যক্তি ইন্দ্ৰকান্ত কাৰ্কিয়ে জনোৱা অনুসৰি, অসমত প্ৰায় ৩০,০৬৭ গৰাকী এইচআইভিত আক্ৰান্ত লোক আছে । ইয়াৰে ভিতৰত শোণিতপুৰ জিলাত ৯৪৯ গৰাকী, নগাঁও জিলাত ৩,০৪৯ আৰু হোজাইত ৪৫৬ গৰাকী লোক এই এইচআইভিত আক্ৰান্ত ।

তেজপুৰত যৌনকৰ্মীৰ মাজত সজাগতা সৃষ্টিৰ আলোচনা-চক্ৰ

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী : অসমত অভাৱনীয় হাৰত বৃদ্ধি পাইছে এইচআইভি পজিটিভৰ সংখ্যা । এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে তেজপুৰত যৌনকৰ্মীৰ শিশুৰ নিৰাপত্তা বিষয়ক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।

উল্লেখ্য যে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিতৰত অসম চৰকাৰৰ এইডছ নিয়ন্ত্ৰণ বিভাগৰ অধীনত দিশাই ( Disha) মুঠ ৫২ টা নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্যৰ এনজিঅ'ৰ জৰিয়তে এনে ধৰণৰ সজাগতা সৃষ্টি কৰি আহিছে । এইডছ নিয়ন্ত্ৰণ বিভাগৰ অধীনস্থ দিশাৰ স্বাস্থ্য বিভাগৰ সমল ব্যক্তি ইন্দ্ৰকান্ত কাৰ্কিয়ে জনায় যে অসমত প্ৰায় ৩০,০৬৭ গৰাকী লোক এই এইচআইভিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য আছে ।

সমান্তৰালভাৱে শোণিতপুৰ জিলাত ৯৪৯ গৰাকী, নগাঁও জিলাত ৩,০৪৯ আৰু হোজাইত ৪৫৬ গৰাকী লোক এই এইচআইভিত আক্ৰান্ত । তেওঁলোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । ইতিমধ্যে এই সংস্থাৰ অধীনত 'এইট ব্ৰাদাৰ্ছ ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটী'য়ে তেজপুৰ তৰুণ অসম সংঘত 'ছেক্স ৱৰ্কাৰ এণ্ড দেয়াৰ চিল্ড্ৰেনছ' শীৰ্ষক আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি কাৰ্কিয়ে কয় যে এই লোকসকলৰ শিশুসকলক সংস্থাটোৱে আৰু চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে ।

অসম চৰকাৰে মহিলা যৌনকৰ্মীৰ শিশুৰ পিতৃৰ মৃত্যু হ'লে মহিলাগৰাকীক নগদ ১ লাখ টকাৰ সাহায্য প্ৰদান কৰে আৰু শিশুৰ শৈক্ষিক দিশৰ দায়িত্ব পালন কৰে । দৰাচলতে এই লোকসকলৰ কোনো চিনাকি দিয়া নহয় । লগতে তেওঁলোকৰ প্ৰতি থকা সমাজৰ দৃষ্টিভংগী সলনি কৰিবৰ বাবেও তেওঁ ৰাইজক আহ্বান জনায় । এই সজাগতা সৃষ্টি অনুষ্ঠানত আইনী সমল ব্যক্তি, স্থানীয় মহিলাৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ধলাত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.