মঙলবাৰৰ পৰা আৰম্ভ বাসন্তী পূজা তথা নৱৰাত্রি: মাক সন্তুষ্ট কৰিবলৈ পালন কৰক এই কেইটা নিয়ম - Basant Panchami 2024
Basant Panchami 2024: সূৰ্যগ্ৰহণৰ লগতে আজিৰ দিনটোৰ আন এই তাৎপৰ্য আছে ৷ আজি হৈছে সোমৱতী অমাৱস্যা অৰ্থাৎ কাইলৈৰ পৰা নৱৰাত্রি আৰম্ভ হ'ব । কেনেদৰে নৱৰাত্রিৰ ব্ৰত পালন কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ।

Published : April 8, 2024 at 8:50 PM IST
গুৱাহাটী, ৮ এপ্ৰিল: আজি এই বৰ্ষৰ প্রথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ । নিশাৰ ভাগত এই সূৰ্যগ্ৰহণ লাগিব বাবে ভাৰতত ইয়াৰ ইমান প্ৰভাৱ নপৰে । সূৰ্যগ্ৰহণৰ সমান্তৰালকৈ আজিৰ দিনটোৰ অন্য এটা প্ৰাসংগিকতা আছে । আজি হৈছে সোমৱতী অমাৱস্যা অৰ্থাৎ কাইলৈৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব । মহালয়াৰ যিদৰে তাৎপৰ্য আছে ঠিক তেনেদৰে আজিৰ দিনটোৰো তাৎপৰ্য আছে । আজিৰ দিনটোত যদি তেজপাতৰ ওপৰত নিজৰ মনোকামনা ৰঙা কলমেৰে লিখি মম বা চাকিৰ জুইত জ্বলাই, ছাইখিনি যদি উৰুৱাই দিয়া বা তুলসীৰ গুৰিত দিয়া যায় তেতিয়া মনৰ আশা পূৰণ হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে কাইলৈৰে পৰা বাসন্তী পূজা বা নৱৰাত্ৰি পূজা আৰম্ভ হ'ব । লোকবিশ্বাস অনুসৰি এই নৱৰাত্ৰিৰ নৱমীৰ দিনা ভগৱান ৰামচন্দ্ৰৰ জন্ম হৈছিল । নৱৰাত্ৰিৰ ঘট স্থাপনৰ মুহূৰ্ত হৈছে পুৱা ৫.২২ মিনিটৰ পৰা দিনৰ ১০.০৪ মিনিট আৰু দিনৰ ১১ বজাৰ পৰা ১২.১০ মিনিট ৷ অৰ্থাৎ এই দুটা সময়ৰ ভিতৰত ঘট স্থাপন কৰিব পাৰিব ।
নৱৰাত্ৰিৰ ৯ দিনত মাৰ ৯ টা ৰূপক পূজা কৰা হয় । প্ৰথম দিনা মা শৈলপুত্ৰীক পূজা কৰা হয় । মা শৈলপুত্ৰী পূজাৰে নৱৰাত্ৰিৰ ব্ৰত আৰম্ভ হয় আৰু এই ব্ৰত কুমাৰী পূজা অৰ্থাৎ নৱমীৰ দিনা শেষ হয় । নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণী, তৃতীয় দিনা মা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা মা কুষ্মাণ্ডা, পঞ্চম দিনা স্কন্দমাতা, ষষ্ঠ দিনা মা কাত্যায়নী, সপ্তম দিনা মা কালৰাত্রী, অষ্টম দিনা মা মহাগৌৰী আৰু নৱম দিনা মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয় ।
যিসকলে ব্ৰত নাৰাখে তেওঁলোকে পুৱা আৰু গধূলি মাৰ নামত এই ৯ দিনত চাকি জ্বলাব পাৰে । প্ৰথম দিনা ১ গছি চাকি আৰু দ্বিতীয় দিনা ২ গছি চাকি, তেনেদৰে নৱমীৰ দিনা ৯ গছি চাকি জ্বলাব পাৰে । মাৰ প্ৰসাদ হিচাপে যিকোনো মিঠা অৰ্পণ কৰিব পাৰে । লগতে এই নৱৰাত্ৰিৰ সময়ত এখন বগা কাগজত আপোনাৰ মনোকামনা ৰঙা চিয়াঁহীৰে লিখি মাৰ চৰণত অৰ্পণ কৰিব । দশমীৰ দিনা যেতিয়া ঘটতো উটুৱাই দিব তেতিয়া সেই কাগজখনো প্ৰবাহিত কৰিব ।
লগতে পঢ়ক: পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ : সঠিক সময় আৰু ইয়াক কেনেদৰে চাব পাৰিব ?

